ETV Bharat / state

Cash for Job : লখিমপুৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ সহায়ক সোমেশ্বৰ নাথক নিলম্বন

author img

By

Published : Aug 17, 2021, 3:16 PM IST

Sr assistant suspend
লখিমপুৰত গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ সহায়ক

লখিমপুৰত গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ সহায়ক সোমেশ্বৰ নাথ । চাকৰি দিয়াৰ বিনিময়ত ধন লৈছিল দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীজনে । সম্প্ৰতি চাকৰিৰ পৰা নিলম্বন কৰা হৈছে কৰ্মচাৰীজনক ।

লখিমপুৰ, ১৭ আগষ্ট : ৰাজ্যত পুনৰ শিক্ষা বিভাগত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈছে । এইবাৰ দুৰ্নীতি সংঘটিত কৰি আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ জ্যেষ্ঠ সহায়ক সোমেশ্বৰ নাথ । দীৰ্ঘদিন ধৰি তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আছিল আৰু যোৱা ১৩ আগষ্টত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ।

লখিমপুৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ সহায়ক সোমেশ্বৰ নাথক নিলম্বন

বিভাগটোত তেওঁ যদিও এগৰাকী সহায়ক ৰূপে কৰ্মৰত তথাপিও বিভাগীয় শীর্ষ বিষয়া পৰ্যন্ত মেনেজ কৰি অনিয়মেৰে নিযুক্তি, বদলিকৰণ আদি চলাই যোৱাৰ অভিযোগ সততে তেওঁৰ বিৰুদ্ধে উঠি আহিছে । জিলাখনৰ বেবেজিয়াৰ এটা পৰিয়ালৰ পৰা শিক্ষকৰ চাকৰি দিম বুলি দহ বছৰ পূৰ্বে তেওঁ আঢ়ৈ লাখ টকা লৈছিল । কিন্তু চাকৰিও নাপালে আৰু টকাও ঘূৰাই নাপালে পৰিয়ালটোৱে । অৱশেষত ক্ষুব্ধ পৰিয়ালটোৱে দুৰ্নীতিগ্ৰস্ত জ্যেষ্ঠ সহায়ক সোমেশ্বৰ নাথক কাৰ্যালয়তে আবদ্ধ কৰি ৰাখে ।

লগতে পঢ়ক : বৃহস্পতিবাৰে গুৰু বেয়া আছিল সোমেশ্বৰৰ

পাছত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ এজাহাৰ মৰ্মে আৰক্ষীয়ে নাথক গ্ৰেপ্তাৰ কৰি সদৰ থানালৈ লৈ যায় । এই সন্দৰ্ভত সদৰ থানাত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধি ৯১৪/২০২১ ৰ ধাৰা ৪০৯/৪২০/১৭১-E নম্বৰৰ গোচৰটোত আৰক্ষীয়ে নাথক আদালতত হাজিৰ কৰি দুদিনৰ বাবে জিম্মাত লৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে । অৱশেষত তেওঁক জেললৈ প্ৰেৰণ কৰা হয় ।

এই ক্ষেত্ৰত ইতিমধ্যে প্ৰাথমিক শিক্ষা বিভাগেও ব্যৱস্থা গ্রহণ কৰিছে । ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালক বিজয়া চৌধুৰীয়ে ১৬ আগষ্টত এক নিৰ্দেশ যোগে সোমেশ্বৰ নাথক চাকৰিৰ পৰা নিলম্বন কৰে । প্ৰাথমিক শিক্ষা সঞ্চালকৰ নিৰ্দেশনা অনুসৰি বিভাগীয় শীৰ্ষ অধিকাৰীৰ অনুমতি অবিহনে জিলা এৰি যাব নোৱাৰিব নাথে ৷ লগতে তেওঁ এই খিনি সময়ত কোনো ব্যৱসায় আদিত জড়িত হ'ব নোৱাৰিব বুলিও কঠোৰভাৱে নিৰ্দেশনা দিয়া হয় ।

লগতে পঢ়ক : কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.