ETV Bharat / state

লখিমপুৰত বিকশিত ভাৰতৰ সংকল্প যাত্ৰা অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:25 AM IST

যোৱা 28 নৱেম্বৰৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী অব্যাহত আছে । এই অনুষ্ঠানত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজ্যৰ হিতাধিকাৰীসকলৰ লগত কৰা বার্তালাপৰ লগতে জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণৰ বাণীবদ্ধ ৰূপ পুনৰ সম্প্ৰচাৰ কৰা হয়।

Sangkalpa yatra program in Assam
লখিমপুৰত বিকশিত ভাৰতৰ সংকল্প যাত্ৰা অনুষ্ঠান

লখিমপুৰ, 1 ডিচেম্বৰ : ৰাজ্যজুৰি বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী অব্যাহত আছে । তাৰে অংশ হিচাপে বৃহস্পতিবাৰে লখিমপুৰৰ তেলাহী উন্নয়ন খণ্ডৰ লোহিত খাবলু গাওঁ পঞ্চায়তৰ উত্তৰ খাবলু মুৰং ওকুমত কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰচাৰ অভিযান চলায় ৷

এই অনুষ্ঠানত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ৰাজ্যৰ হিতাধিকাৰীসকলৰ লগত কৰা বার্তালাপৰ লগতে জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণৰ বাণীবদ্ধ ৰূপ পুনৰ সম্প্ৰচাৰ কৰা হয়। জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰৰ পৰিচালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত "বিকশিত ভাৰত সংকল্প যাত্রা"ৰ বাবে কাম কৰাৰ অৰ্থে সকলোৱে সংকল্পবদ্ধ হয়।

এই সভাত উপস্থিত থকা বিভিন্ন বিভাগৰ বিষয়াসকলে তেওঁলোকৰ বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি আৰু সফলতাৰ খতিয়ান দাঙি ধৰাৰ লগতে স্থানীয় ৰাইজে কৰা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে। তদুপৰি "বিকশিত ভাৰত সংকল্প যাত্ৰা' অভিযানত ব্যৱহৃত অত্যাধুনিক বাহনখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজত প্ৰদৰ্শন কৰা হয়।

এই অনুষ্ঠানত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, অতিৰিক্ত সহকাৰী আয়ুক্ত আৰজিত মহাজন, লখিমপুৰ খণ্ড উন্নয়ন বিষয়া সেউতী দলে, তেলাহী খণ্ড উন্নয়ন বিষয়া ৰীয়া মেচ, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া সহ বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

যোৱা 28 নৱেম্বৰৰ পৰা জনসাধাৰণক চৰকাৰী আঁচনিৰ সুবিধাৰে স্পৰ্শ কৰাৰ প্ৰয়াসৰ অংশ স্বৰূপে, বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই) সমগ্ৰ অসমৰ ১৪৬ টা নগৰীয়া স্থানক সামৰি লোৱাৰ লক্ষ্যৰে এক পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ কৰিছে । এই যাত্ৰা চৰকাৰী আঁচনিসমূহক নাগৰিকসকলৰ ওচৰলৈ লৈ গৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক প্ৰচেষ্টাৰ বাবে লোৱা হৈছে ৷

লগতে পঢ়ক: বনমন্ত্ৰী কিহত ব্যস্ত ? গোৱালপাৰাত হাতী-মানুহৰ সংঘাতে কি ৰূপ লৈছে জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.