ETV Bharat / state

Protest in Lakhimpur : লখিমপুৰত কেইবাটাও কৃষক সংগঠনৰ ক’লা দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 9:51 AM IST

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাক লৈ দেশজুৰি ক’লা দিৱস পালন ৷ অসমৰ লখিমপুৰতো একাধিক শ্রমিক সংগঠনে ক’লা দিৱস পালন কৰে ।

Protest in Lakhimpur
লখিমপুৰত কেইবাটাও কৃষক সংগঠনৰ ক’লা দিৱস পালন

লখিমপুৰত কেইবাটাও কৃষক সংগঠনৰ ক’লা দিৱস পালন

লখিমপুৰ, ৩ অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে সংযুক্ত কিষাণ মৰ্চা আৰু সংযুক্ত শ্রমিক সংগঠনে দেশজুৰি ক’লা দিৱস পালন কৰে । মঙলবাৰে লখিমপুৰতো সংযুক্ত কৃষাণ মৰ্চাৰ উদ্যোগত ক’লা দিৱস পালন ।

সংযুক্ত কিষাণ মৰ্চা, সংযুক্ত শ্ৰমিক সংগঠন, এআইটিইউচি, চিআইটিইউ, অৰুণোদয় শ্রমিক সন্থা আদিয়ে ঐক্যবদ্ধ হৈ লখিমপুৰৰ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ কৰে । পৰৱৰ্তী সময়ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সমদলকাৰীয়ে ।

প্ৰতিবাদৰ পাচতে জিলা আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ আনহাতে প্ৰতিবাদকাৰী সকলে কয় যে, প্ৰায় 13 মাহ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে ধর্ণা দিব লগীয়া হৈছিল । কেন্দ্ৰীয় চৰকাৰৰ গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰই 3 অক্টোবৰ 2021ত প্ৰতিবাদত বহি থকা কৃষকৰ ওপৰত গাড়ী চলাইছিল ৷ কিন্তু কেন্দ্ৰীয় মন্ত্ৰীয়ে হত্যাকাৰী পুত্ৰৰ পিতৃ হিচাপে পদত্যাগ কৰিবলৈ কৃষক নেতাসকলে দাবী কৰি অহাৰ পাচতো কোনো আইনী ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰিলে । সেয়ে মঙলবাৰে সমগ্ৰ দেশতে ‘ক'লা দিৱস’ পালন কৰা হৈছে ৷

আনহাতে প্ৰতিবাদকাৰীসকলৰ দাবী, কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী অজয় মিশ্র টেনীক মন্ত্ৰী পৰিষদৰ পৰা জৰুৰীভাৱে বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰা, মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰক, দিল্লীৰ ধৰ্ণাকাৰী কৃষকসকলক মিছা গোচৰত গ্ৰেপ্তাৰ কৰি ৰখাসকলক গোচৰমুক্ত ঘোষণা কৰৰা দাবী তোলে ৷

আনহাতে শ্রমিকসকলক প্রতিমাহে 26000 টকাকৈ পাৰিশ্ৰমিক নিৰ্ধাৰণ কৰা, কৃষকসকলক মাহে 10000 টকাকৈ পেঞ্চন দিয়াৰ ঘোষণা, 2022 চনৰ সংশোধিত লুণ্ঠনকাৰী বিজুলী বিল প্রত্যাহাৰ কৰাৰ দাবী তোলে ৷

এই কাৰ্যসূচীত গিৰীন্দ্ৰ প্ৰসাদ উপাধ্যায়, সত্যৰঞ্জন দাস, অতুল তামুলী, দিলুমণি সোণোৱাল দত্তসহ ভালেমান লোকে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:Operation against Child Marriage : লখিমপুৰত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, 10 জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.