ETV Bharat / state

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সংগ্ৰহালয়ত সংৰক্ষিত উদ্ধাৰ হোৱা কাঁহৰ বাতি

author img

By

Published : Jul 20, 2021, 6:42 PM IST

Updated : Jul 20, 2021, 6:53 PM IST

অৱশেষত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ (NORTH LAKHIMPUR COLLEGE) সংগ্ৰহালয়ত স্থান পালে লখিমপুৰৰ ভৰ্তি সোণোৱাল গাঁৱত মাটিৰ তলত উদ্ধাৰ হোৱা পুৰণি দিনৰ বাতি কেইটাই । নৱ প্ৰজন্মৰ অধ্যয়ন, গৱেষণা কৰাৰ সুবিধাৰ বাবে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰা হৈছে এই বাতি কেইটা ।

rescue-bell-mattel-bowl-in-sonowal-village-found-a-place-in-north-lakhimpur-college
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত স্থান পালে ভৰ্তি সোণোৱাল গাঁৱত উদ্ধাৰ হোৱা বাটি কেইটাই

লখিমপুৰ, 20 জুলাই : যোৱা ১৫ জুলাইত লখিমপুৰৰ ভৰ্তি সোণোৱাল গাঁৱত সৃষ্টি হৈছিল এক অনাকাংক্ষিত ঘটনা । গাঁৱখনৰ এগৰাকী কৃষকে পথাৰত হাল বাই থাকোতে উদ্ধাৰ হৈছিল সাতটাকৈ পুৰণি দিনৰ কাঁহৰ বাতি (bell Mattel bowl) । কৃষকজনে বাতি কেইটা উদ্ধাৰ কৰাৰ খবৰ বিয়পি পৰাৰ পাচতে বাতি কেইটা চাবলৈ কৌতুহলী লোকে ভীৰ কৰিছিল কৃষক ভূৱন সোণোৱালৰ( BHUBAN SONOWAL) বাসগৃহত । উল্লেখযোগ্য যে, উদ্ধাৰ হোৱা বাতি কেইটাৰ তিনিটা ভগ্ন আৰু চাৰিটা অক্ষত অৱস্থাত উদ্ধাৰ হৈছিল ৷

ইপিনে কৃষকেজনে বাতিকেইটা উদ্ধাৰ কৰি আনন্দ মনেৰে ঘৰত সযতনে ৰাখিছিল । পিছে খবৰটো বনজুইৰ দৰে নিমিষতে বিয়পি পৰিছিল । খবৰটো শুনি আন বহুতৰ দৰে কৌতুহলী কৰি তুলিছিল নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ (NORTH LAKHIMPUR COLLEGE) অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াক (DR BIMAN CHANDRA CHETIA) । তাৰ পাচতে অধ্যক্ষগৰাকী উপস্থিত কৃষক গৰাকীৰ ঘৰত ৷

কৃষকগৰাকীৰ পৰা সন্মানেৰে বাতি কেইটা অধ্যক্ষ গৰাকীয়ে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সংগ্ৰহালয়লৈ বুলি লৈ আনে । অধ্যক্ষগৰাকীয়ে বাতি কেইটাৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয় যে, লখিমপুৰৰ তেলাহী অঞ্চলটো আহোম ৰাজত্ব (AHOM DYNASTY) কালত বৰগোঁহাইৰ বিলাত বা শাসনৰ অধীনত আছিল । বৰ্তমানৰ বৰগোঁহাই গাঁও, গোঁহাই টেকেলা আদি গাঁৱসমূহৰ উপস্থিতিয়ে সেই কথা প্ৰতীয়মান কৰিছে ।

সংগ্ৰহালয়ত সংৰক্ষিত উদ্ধাৰ হোৱা কাঁহৰ বাতি

সম্প্ৰতি কৃষকগৰাকীয়ে উদ্ধাৰ কৰা বাতি কেইটা আহোম ৰাজত্ব কালৰ কোনো বিষয়া অথবা সম্ভ্ৰান্ত পৰিয়ালে ব্যৱহাৰ কৰা বুলি অধ্যক্ষ গৰাকীয়ে ধাৰণা কৰিছে । সেই সময়ত কিবা কাৰণত তেওঁলোকে বাতি কেইটা মাটিত পুতি থৈ আঁতৰি যোৱা নাই ৷ প্ৰাকৃতিক দুৰ্যোগ আদিৰ বাবে বাতি কেইটা পোত খাই থকা বুলি অধ্যক্ষগৰাকীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

একেদৰে অধ্যক্ষগৰাকীয়ে কয় যে, বাতি কেইটা উদ্ধাৰ হোৱা স্থানৰ সমীপতে কিছুদিনৰ পূৰ্বে আন কেতবোৰ আহোম ৰাজত্ব কালৰ সামগ্ৰী উদ্ধাৰ হৈছিল ৷ উল্লেখ্য যে, মহাবিদ্যালয়খনৰ সংগ্ৰহালয়ত ৰখা এই বাতি কেইটা পৰৱৰ্তী সময়ত অধ্যয়ন, গৱেষণা কৰি নৱপ্ৰজন্মই নিস্তব্ধ ইতিহাসৰ পৰম্পৰা, সংস্কৃতি আদিৰ তথ্য উদ্ধাৰ কৰিব বুলি আশা ব্যক্ত কৰিছে নৰ্থ লখিমপুৰ মহাবিদ্যালয় অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াই ৷ অধ্যক্ষগৰাকীৰ এই কাৰ্যত সন্তোষ প্ৰকাশ কৰিছে বিভিন্নজনে ৷

লগতে পঢ়কঃ নাঙলৰ সীৰলুত উদ্ধাৰ ঐতিহাসিক সম্পদ !

Last Updated : Jul 20, 2021, 6:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.