ETV Bharat / state

লখিমপুৰত আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 2:14 PM IST

Republic Day preparation in Lakhimpur
লখিমপুৰত আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা

সমাগত গণৰাজ্য দিৱস । গণৰাজ্য দিৱসক লৈ কঠোৰ হৈছে প্ৰশাসন । লখিমপুৰ জিলা প্ৰশাসনেও আৰম্ভ কৰিছে অভিযান । মেটেল ডিটেক্টৰ লৈ তন্নতন্নকৈ তালাচী চলাইছে আৰক্ষী তথা অসম আৰক্ষীৰ বিশেষ শাখাৰ লোকে ।

লখিমপুৰ,১৬ জানুৱাৰী: লখিমপুৰত চৌদিশে আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা । আৰক্ষীৰ লগতে বিশেষ শাখাই মেটেল ডিটেক্টৰ লৈ পিয়া পি দিছে সমগ্র নগৰখনত । সমাগত গণৰাজ্য দিৱস উপলক্ষে এই তৎপৰতা দেখা গৈছে লখিমপুৰত । সমগ্ৰ নগৰৰ চুকে কোণে চলিছে নিশ্চিদ্র তালাচী । আৰক্ষীৰ কঠোৰ তালাচীৰ উপৰি চৌদিশে পিয়াপি দিছে আৰক্ষীৰ বিশেষ শাখাৰ লোক ।

হাতত মেটেল ডিটেক্টৰ লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা নগৰখনৰ সকলো কাৰ্যালয়ৰ চৌহদ, ৰাজহুৱা স্থান, লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আদিত আৰক্ষীৰ বিশেষ শাখাৰ লোকে অহৰ্নিশে বিস্ফোৰক জাতীয় সামগ্ৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । বিগত কিছুদিনৰপৰা নগৰখনত এই পৰিবেশে বিৰাজ কৰিছে । আৰক্ষীৰ এনে তৎপৰতাই কোনো ভিআইপিৰ আগমনৰ ইংগিত প্ৰকাশ কৰে যদিও দৰাচলতে তেনে নহয় ।

সমাগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষেহে আৰক্ষীৰ এই তৎপৰতা । শান্তিপূৰ্ণভাৱে গণৰাজ্য দিৱস অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীয়ে এনে বিশেষ সুৰক্ষা গ্রহণ কৰিছে । গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলগীয়া লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন কিছুদিনৰ আগৰেপৰা আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যবস্থাৰ মাজত ৰখা হৈছে ।

খেল পথাৰখনৰ চৌদিশে চিচিটিভি কেমেৰা স্থাপন কৰাৰ লগতে আৰক্ষীৰ শিবিৰ স্থাপন কৰি প্ৰতিমূহুৰ্তত খেলপথাৰখন কঠোৰ নিৰীক্ষণৰ মাজত ৰখা হৈছে । সমাগত গণৰাজ্য দিৱসটো যাতে শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰি তাৰ বাবে আৰক্ষী অথবা জিলা প্ৰশাসনে সকলো ব্যবস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে ৷ কূটাঘাটকাৰীয়ে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰবাবে কঠোৰ হৈছে প্ৰশাসন ।

লগতে পঢ়ক: ভোটাৰক ভয় ভাবুকি প্ৰদানৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.