ETV Bharat / state

ভোটাৰক ভয় ভাবুকি প্ৰদানৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 8:38 AM IST

NCHAC ELECTION 2024 controversy: ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমিৰ সংবাদমেল ৷ বিজেপি দলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন জেমিৰ ৷ ভোটাৰক ভয় ভাবুকি প্ৰদানৰ অভিযোগ জেমিৰ ৷

TRINAMOOL CONGRESS slams BJP OVER NCHAC ELECTION
তৃণমূল কংগ্ৰেছৰ সভাপতি আচিং জেমিৰ সংবাদমেল

হাফলং, 16 জানুৱাৰী: গণতন্ত্ৰক হত্যা কৰাৰ চেষ্টা চলাইছে বিজেপি দলে বুলি গুৰুতৰ অভিযোগ উত্থাপন ডিমা হাছাও জিলা তৃণমূল কংগ্ৰেছৰ ৷ দলটোৰ জিলা সভাপতি আচিং জেমিয়ে সোমবাৰে হাফলং তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি শাসকীয় বিজেপি দলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ভয় ভাবুকি দি গণতন্ত্ৰক হত্যা কৰাৰ চেষ্টা কৰিছে বুলি চাঞ্চল্যকৰ অভিযোগ তোলে । আনকি ভয়-ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰোৱা ঘটনাও সংঘটিত হৈছে বুলি সংবাদমেলত জেমিয়ে উল্লেখ কৰে ।

জেমিয়ে কয়, "যোৱা পাঁচ বছৰে বিজেপি দলে পাহাৰীয়া জিলাখনৰ উন্নয়নৰ বাবে একো কৰিব পৰা নাই যাৰ বাবে ৰাইজক ভয় ভাবুকি দি দলটোক ভোট দিবলৈ বাধ্য কৰিছে ৷ এইবাৰৰ নিৰ্বাচনত বহু ঠাইত মাৰপিটৰ ঘটনা আৰু গুলী চলোৱাৰ ঘটনাও সংঘটিত হৈছে । কিন্তু, জিলা প্ৰশাসন সম্পূৰ্ণ নিমাত আছিল । জিলা প্ৰশাসনে শাসকীয় দলক সকলো ধৰণৰ সহায়-সহযোগিতা কৰিছে । জিলা প্ৰশাসন আইন শৃংখলা ৰক্ষা কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷"

আচিং জেমিয়ে পুনৰ কয়, "জিলা প্ৰশাসনৰ এনে ভূমিকা হ’লে পাহাৰীয়া জিলাখনলৈ কেতিয়াও শান্তি ঘূৰি নাহে । বৰ্তমান প্ৰাক্তন উগ্ৰপন্থীসকল পাৰ্বত্য পৰিষদত ক্ষমতাত আছে আৰু নিৰ্বাচনৰ আগদিনা নিশা হাতত অস্ত্ৰলৈ ভয় ভাবুকিৰে ভোটাৰসকলক বিজেপিক ভোট দিয়াৰ বাবে বাধ্য কৰোৱা হয় । তেওঁলোকে ভোটত জয়লাভ কৰাৰ বাবে হিংসাৰ আশ্ৰয় লয় ৷" কিছুদিন পিচতে অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনত হিংসা হ’ব বুলি কয় আচিং জেমিয়ে । তেওঁ লগতে সাধাৰণ জনতাই হিংসা ভাল পায় যাৰ বাবে তেওঁলোকে বিজেপিক ভোট দিছে বুলিও উল্লেখ কৰে ।

শেহতীয়া নিৰ্বাচনত যিসকলে তৃণমূল কংগ্ৰেছৰ লগত থাকি তৃণমূলক ভোট দিছে সেইসকল ভোটাৰক ধন্যবাদ জনায় আচিং জেমিয়ে ।

লগতে পঢ়ক: মুপা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ দাবী নিৰ্দলীয় প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.