ETV Bharat / state

পথৰ দুৰৱস্থা: লখিমপুৰত ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jul 1, 2022, 7:54 PM IST

লখিমপুৰৰ এটা পথে জলাকলা খুৱাইছে গঞা ৰাইজক ৷ যাৰ ফলত যাতায়ত তথা দৈনিক চলাচলৰ ক্ষেত্ৰত ত্ৰাহি মধূসূদন সুঁৱৰিছে সাধাৰণ জনতাই(Public protest against poor Road condition in Lakhimpur) ৷

Public protest against poor Road condition in Lakhimpur
পথৰ দুৰৱস্থা: লখিমপুৰত ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ

লখিমপুৰ, 1 জুলাই : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত লখিমপুৰবাসী ৰাইজ, কাৰণ লখিমপুৰৰ কদম ৰংপুৰীয়া জৰাধৰা গাঁৱৰ এটা পথে এতিয়া বাৰুকৈয়ে জলাকলা খুৱাইছে গঞা ৰাইজক ৷

পথৰ দুৰৱস্থা: লখিমপুৰত ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ

যাতায়াতৰ ক্ষেত্ৰতো দীৰ্ঘদিনে দুৰ্ভোগ ভূগি আহিছে সাধাৰণ জনতাই । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এই কদৰ্যময় পথেৰেই স্কুল, কলেজ, কৰ্মস্থানলৈ দৈনিক অহা যোৱা কৰি আহিছে ৰাইজে ।

বাৰম্বাৰ ৰাইজে এই সন্দৰ্ভত স্থানীয় বিধায়ক নৱ দলেক(MLA Naba Kumar Doley) বাৰম্বাৰ অনুৰোধ জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ সেয়ে ক্ষোভিত ৰাইজে উক্ত জৰাজীৰ্ণ পথতে ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ(Public protest against poor Road condition in Lakhimpur) ৷

Public protest against poor Road condition in Lakhimpur
পথৰ দুৰৱস্থা: লখিমপুৰত ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ

ইফালে, বগীনদী উন্নয়ন খণ্ডকো এই বিষয়ত বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলটোৰ গঞা ৰাইজৰ ৷ শীঘ্ৰেই এই জৰাজীৰ্ণ পথটি যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ অনুৰোধ জনাইছে অঞ্চলটোৰ গঞা ৰাইজে ৷ ইফালে, বাৰিষা অহাৰ লগে লগে পথটোত এতিয়া পথাৰসদৃশ ৰূপ লোৱাত ত্ৰাহি মধূসূদন সুঁৱৰিছে সাধাৰণ জনতাই ৷

লগতে পঢ়ক : দুৱৰা আলিৰ দুৰৱস্থা: ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.