ETV Bharat / state

টাই আহোম সকলক জনজাতিকৰণৰ দাবীত লখিমপুৰত উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 3, 2021, 9:52 PM IST

টাই আহোম সকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত শুকুৰবাৰে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে ৷ ৰাজ্যৰ আন সমূহ জিলাৰ সমান্তৰালকৈ লখিমপুৰতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷

protest-in-lakhimpur-demanding-st-status-of-tai-ahom
টাই আহোম সকলক জনজাতিকৰণৰ দাবীত লখিমপুৰত উত্তাল প্ৰতিবাদ

লখিমপুৰ, 3 ছেপ্টেম্বৰ: টাই আহোম সকলক ভৈয়াম জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু টাই আহোমক স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত লখিমপুৰত জিলা টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ সাব্যস্ত ৷ টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা টাই আহোম যুৱ পৰিষদৰ ৷

টাই আহোম সকলক জনজাতিকৰণৰ দাবীত লখিমপুৰত উত্তাল প্ৰতিবাদ

লগতে পঢ়কঃ বৃহৎ নদী বান্ধ: NHPC, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

প্ৰতিবাদস্থালীত নৰেন্দ্ৰ মোডী মূৰ্দাবাদ, অসম চৰকাৰ হায় হায়, টাই আহোমক জনজাতি মৰ্যাদা প্ৰদান কৰক শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ লগতে টাই আহোম সকলক অতি সোনকালে জনজাতিকৰণ প্ৰদান কৰা, টাই আহোম সকলক পূৰ্ণ স্বায়ত্তশাসন প্ৰদান কৰা লগতে আহোম স্বৰ্গদেউ সকলৰ দিনীয়া পুৰণি কীৰ্তি চিহ্ন সমূহ বেদখল মুক্ত কৰি সংৰক্ষৰণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷

অতি শীঘ্ৰে এই দাবী সমূহ মানি নললে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ ৷

লগতে পঢ়কঃ গোলাঘাটত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.