ETV Bharat / state

ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ কৰি ভালপোৱা চেতিয়া ছাৰক নিলম্বন

author img

By

Published : Aug 26, 2022, 9:02 PM IST

বহু প্ৰতিবাদৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰা হ’ল ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ কৰা অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক (North Lakhimpur College principal)। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষগৰাকীক শুকুৰবাৰে এক নিৰ্দেশনা যোগে নিলম্বন কৰে ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ৷

North Lakhimpur College principal
ছাত্ৰীৰে অশ্লীল বাৰ্তালাপ কৰি ভালপোৱা চেতিয়া ছাৰক নিলম্বন

লখিমপুৰ, ২৬ আগষ্ট: অৱশেষত নিলম্বন কৰা হ’ল উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক (Principal Biman Chandra Chetia)। শুকুৰবাৰৰে অসম উচ্চ শিক্ষা সঞ্চালকালয়ে নিলম্বন কৰে বিতৰ্কিত অধ্যক্ষগৰাকীক(NL college principal suspended) ৷ এই সন্দৰ্ভত সঞ্চালকালয়ে এক নিৰ্দেশনা জাৰি কৰে ।

North Lakhimpur College principal
উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন

উল্লেখ্য যে, উত্তৰ অসমৰ উল্লেখযোগ্য মহাবিদ্যালয়খনৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াই অজ্ঞাত ছাত্ৰীৰে ফেচবুক মেছেঞ্জাৰযোগে হোৱা যৌনগন্ধি বাৰ্তালাপৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছিল (Obscene messages to girl student by principal) ৷ সামাজিক মাধ্যমত বিতৰ্কিত স্ক্ৰীণশ্বটসমূহ ভাইৰেল হোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিভিন্ন দল-সংগঠনে অধ্যক্ষগৰাকীৰ এই কাণ্ডৰ বিৰুদ্ধে তদন্ত কৰি নিলম্বনৰ দাবী জনাই আহিছিল ৷ একাধিক ছাত্ৰ সংগঠনে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সংবাদমেল

ইয়াৰ পাছতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ(Education Minister Ranoj Pegu on NL college principal) নিৰ্দেশমৰ্মে শিক্ষা সঞ্চালকালয়ে ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে তদন্তৰ নিৰ্দেশ দিয়ে ৷ ইফালে বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে এক জৰুৰী সভাৰ সিদ্ধান্তমৰ্মে শিক্ষাগুৰুৰ বৃত্তিক কলংকিত কৰা অধ্যক্ষগৰাকীক ১৫ দিনৰ বাবে বাধ্যতামূলক ছুটী দিছিল । সমান্তৰালভাৱে ছাত্ৰ সংগঠনসমূহে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখে ৷

শুকুৰবাৰেও লখিমপুৰ জিলা ছাত্ৰ সন্থাই এক সংবাদমেল সম্বোধন কৰি অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ উল্লেখ্য যে অধ্যক্ষ বিমান চেতিয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপিত হৈ আহিছিল ৷ বিমান চেতিয়াৰ P.hd ডিগ্ৰী ভুৱা বুলি হৈ অহা চৰ্চাৰ আঁত ধৰি শুকুৰবাৰে এই ক্ষেত্ৰতো তদন্তৰ দাবী জনায় ৷

লগতে পঢ়ক: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিধায়ক পদ খাৰিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.