ETV Bharat / state

Police take bribe: 200 টকা উৎকোচ লৈ শ’লঠেকত পৰিল আৰক্ষী জোৱান

author img

By

Published : Jun 12, 2023, 9:31 PM IST

লখিমপুৰত লটিঘটি চাৰিজন আৰক্ষী জোৱানৰ। 200 টকা ঘোচ লোৱাৰ অপৰাধত এজন গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন আৰক্ষী জোৱান নিলম্বিত । অন্য দুজন আৰক্ষী কনিষ্টবলক ছাউনীলৈ ঘূৰাই পঠোৱা হয় ৷

police taking 200 rs bribe, video gone viral
200 টকাৰ উৎকোচ লৈ শ’লঠেকত পৰিল আৰক্ষী জোৱান

200 টকা উৎকোচ লৈ আৰক্ষী জোৱানৰ অথন্তৰ

লখিমপুৰ, 12 জুন: 200 টকা ঘোচ লৈ শ’লঠেকত পৰিল আৰক্ষী জোৱান ৷ লখিমপুৰত লটিঘটি চাৰিজন আৰক্ষী জোৱানৰ। 200 টকা ঘোচ লোৱাৰ অপৰাধত এজন গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন আৰক্ষী জোৱানক নিলম্বিত কৰে। অন্য দুজন আৰক্ষী কনিষ্টবলক ছাউনীলৈ ঘূৰাই পঠোৱা হয় ৷

সোমবাৰে বিয়লি এখন সংবাদ মেলত এই কথা সদৰী কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ নাথ দেউৰীয়ে ৷ সংবাদ মেলখনত তেওঁ জনোৱা মতে দেওবাৰে জিলা খনৰ লালুক থানাৰ অন্তৰ্গত এলেকাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত টহল দিয়া অৱস্থাত তেওঁলোকে এখন গাহৰি কঢ়িয়াই নিয়া গাড়ীৰ পৰা 200 টকা ঘোচ লৈছিল। কিছু সময়ৰ পিচতে এই ঘটনাৰ ভিডিঅ’ এটা ফাদিল হৈ পৰে। লগে লগে তৎপৰ হৈ পৰে জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।

তেওঁ তাৎক্ষণিকভাৱে দলটোত থকা গৃহৰক্ষী জোৱান পূৰ্ণকান্ত নেওগক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে এটা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে। আনহাতে হেড কনিষ্টবল পূৰ্ণকান্ত শইকীয়াক নিলম্বিত কৰে। দলটোত থকা ত্ৰয়োদশ অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ খন্দ্ৰেশ্বৰ বৰুৱা আৰু কনিষ্টবল দুলুমণি কছাৰীৰ বিৰুদ্ধে এক লিখিত অভিযোগ উত্থাপন কৰে ৷

এনেধৰণৰ ঘটনা পুনৰাবৃত্তি হ’লে আৰক্ষী বিভাগে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যবস্থা গ্রহণ কৰিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়ে। আনহাতে সংবাদ মেলখনত জিলাখনত নকল সোণ, জাল নোটৰ বেহাৰ বিৰুদ্ধে চলি থকা অভিযানৰ সম্পৰ্কেও তেওঁ কিছু কথা সদৰী কৰে। তেওঁ কয় জিলাখনত এই পৰ্যন্ত এনে বেহাৰ লগত জড়িত ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে আটাইকেইটা অভিযুক্তকে জেললৈ প্ৰেৰণ কৰা হৈছে।

যোৱা ১৮ মে’ত বঙালমৰা বজাৰ এলেকাত ১৮ টুকুৰা নকল সোণৰ টুকুৰা উদ্ধাৰ কৰা হৈছিল। দৰঙলৈ নিবলৈ প্ৰস্তুতি কৰাৰ সময়তে এই টুকুৰাসমূহ জব্দ কৰা হয় । এই সন্দৰ্ভত অভিযান চলাই আৰক্ষীয়ে দলগাঁৱৰ যোগীগাঁৱৰ আজিজুল হক, লখিমপুৰৰ সোণাপুৰ ৰিজাৰ্ভৰ বাহাৰুল ইছলাম আৰু দুই নং আহমেদপুৰৰ গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা দুখন গাড়ীও জব্দ কৰা হয় বুলি কয় অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷

জাল নোটৰ প্ৰসংগত অতিৰিক্ত অৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, লালুক থানাত ৰুজু হোৱা ৯৭/২৩ নম্বৰৰ গোচৰ মৰ্মে ৪২ হেজাৰ জালনোট, এটা নকল সোণৰ যীশুখ্ৰীষ্টৰ মূৰ্তি আৰু দুটুকুৰা নকল সোণ উদ্ধাৰ কৰা হৈছে। সেইদৰে লখিমপুৰ সদৰ থানাত ৰুজু হোৱা ৯৪/ ২৩ নম্বৰৰ গোচৰ মৰ্মে ৩৯ হেজাৰ জালনোট, দুটুকুৰা নকল সোণ আৰু এটা নকল সোণৰ যীশুখ্ৰীষ্টৰ মূৰ্তি উদ্ধাৰ কৰা হয়। এই বেহাৰ লগত জড়িতসকলে গ্ৰাহকক আচল সোণ দেখুৱাই প্ৰলোভিত কৰি পাচত নকল সোণ দি লুন্ঠন কৰি আহিছে বুলি আৰক্ষী বিষয়া জনে জানিবলৈ দিয়ে।

সম্প্ৰতি জিলাখনত এনে অবৈধ বেহাৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলি থকাৰ বাবে একাংশই অন্য জিলাত বা চুবুৰীয়া ৰাজ্যত বাহৰ পাতিছে বুলি উল্লেখ কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে ইয়াৰ বিৰোধিতাৰে আঁচনি লোৱা হৈছে যদিও তদন্তৰ খাতিৰত সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।

লগতে পঢ়ক: Priya Kumari accident : পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে প্ৰিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.