ETV Bharat / state

লখিমপুৰত বান সাহায্য কঢ়িওৱা ভট-ভটি দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Aug 29, 2021, 8:19 PM IST

লখিমপুৰত বান সাহায্য কঢ়িওৱা এখন ভট-ভটি দুৰ্ঘটনাগ্ৰস্ত হয় । কোনো লোক হতাহত হোৱা নাই যদিও বেছিখিনি সাহায্য সামগ্ৰীয়ে পানীত পৰি নষ্ট হয় ।

Lakhimpur
লখিমপুৰত বান সাহায্য কঢ়িওৱা ভট ভটি দুৰ্ঘটনাগ্ৰস্ত

লখিমপুৰ, ২৯ আগষ্ট : ৰাজ্যত এতিয়া ভদীয়া বানে (Flood) ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বহু লোক আশ্ৰয়হীন হৈ পৰিছে । হাজাৰ হাজাৰ লোকে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

Accident
লখিমপুৰত বান সাহায্য কঢ়িওৱা ভট ভটি দুৰ্ঘটনাগ্ৰস্ত

বান পীড়িত লোকসকলক সহায়ৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰ তথা জিলা প্ৰশাসনে । প্ৰশাসনে খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় বস্তুবোৰ প্ৰেৰণ কৰিছে বান পীড়িত অঞ্চললৈ । কিন্তু ইয়াৰ মাজতে লখিমপুৰত এক দুৰ্ঘটনা সংঘটিত হ'ল ।

Accident
লখিমপুৰত বান সাহায্য কঢ়িওৱা ভট ভটি দুৰ্ঘটনাগ্ৰস্ত

লখিমপুৰৰ ঘুণাসূঁতিৰ বান বিধ্বস্ত অঞ্চললৈ বান সাহায্য লৈ যোৱা এখন ভট-ভটি (Motor boat) দুৰ্ঘটনাগ্ৰস্ত হয় । দেওবাৰে বিয়লি নগৰৰ সমীপৰ আজাদ অঞ্চলৰ গোহাঁই টেকেলাৰ মথাউৰিৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা । ভট-ভটি খনত আছিল প্ৰশাসনে পঠিওৱা ১৫০ বস্তা চাউল, ৪৪ বস্তা দাইল, ৩৯৪ লিটাৰ মিঠাতেল, নিমখ ইত্যাদি । ভট-ভটিখন মাজতে দুটুকুৰা হৈ যায় ।

Accident
লখিমপুৰত বান সাহায্য কঢ়িওৱা ভট ভটি দুৰ্ঘটনাগ্ৰস্ত

ফলত নদীত ডুব যায় চাউল, দাইল,নিমখ, মিঠাতেল আদি বান সাহায্য সামগ্রী (Flood relief) । কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছে যদিও তাৰে প্ৰায়খিনিয়ে পানীত পৰি নষ্ট হৈ যায় । অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই । ভট-ভটি চালকসহ কেইবাজনো লোকে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:ভয়াৱহ বানৰ কৱলত ৰাজ্য; ২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.