ETV Bharat / state

MLA Manab Deka: ভূমি বেদখল; ভৰত নৰহক আকৌ প্ৰত্যাহ্বান বিধায়ক মানৱ ডেকাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 3:31 PM IST

"অঙহী বঙহীৰ নামত চৰকাৰী ভূমি আৱন্টন কৰি কৌশলেৰে হস্তগত কৰিছে বিধায়ক ভৰত নৰহে।" পুনৰবাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজেপি বিধায়ক মানৱ ডেকাই ৷

MLA Manab Deka reaction
ভৰত নৰহক প্ৰত্যাহ্বান মানৱ ডেকাৰ

ভৰত নৰহক প্ৰত্যাহ্বান মানৱ ডেকাৰ

লখিমপুৰ, ১৭ ছেপ্টেম্বৰ: তুংগত বিধায়ক মানৱ ডেকা আৰু ভৰত নৰহৰ বাকযুদ্ধ। ‘‘অঙহী বঙহীৰ নামত চৰকাৰী ভূমি আৱন্টন কৰি কৌশলেৰে হস্তগত কৰিছে বিধায়ক ভৰত নৰহে ।’’ এই গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়ক মানৱ ডেকাই ৷

যোৱা কেইদিনমানৰ পৰা ৰাজনৈতিক একাংশ নেতাৰ বাকযুদ্ধই উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি। ঘাইকৈ মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ অভিযোগ তুলি শাসক বিৰোধীৰ বাকযুদ্ধই ৰাজনীতিৰ বতাহ গৰম কৰি ৰাখিছে। শেহতীয়াকৈ লখিমপুৰৰ নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহ আৰু লখিমপুৰ সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাৰ বাকযুদ্ধই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে ৷

দেওবাৰে বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে লখিমপুৰত আক্ৰমণাত্মক হৈ পৰে বিধায়ক মানৱ ডেকা । তেওঁ সংবাদ মাধ্যমৰ আগত নৰহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে ভৰত নৰহে বিগত সময়ত মাতমৰাৰ একাংশ লোকক চৰকাৰী ভূমিত সংস্থাপন কৰিছিল । পৰৱৰ্তী সময়ত তদানীন্তন এগৰাকী ৰাজহ চক্ৰ বিষয়াৰে মিলি নৰহে সেই শতাধিক বিঘা চৰকাৰী মাটি নিজৰ ভাতৃ সোমেশ্বৰ নৰহ, কিতাপ নৰহ, বুৰঞ্জী নৰহৰ নামত পট্টা কৰাই লয় । তাৰ পিচত নৰহে কৌশলেৰে সেই মাটিখিনি নিজৰ নৰহ প্লান্টেচন প্ৰাইভেট লিমিটেডেৰ নামত ক্ৰয় কৰি লয় । নৰহে এনেদৰে কৌশলেৰে চৰকাৰী মাটি নিজৰ দখললৈ অনাৰ উপৰিও আইটাৰিক কৃষি উন্নয়ন সমিতিৰ পৰাও শতাধিক বিঘা মাটি ক্ৰয় কৰা দেখুৱাই।

কৃষি উন্নয়ন সমিতিখনলৈ চৰকাৰে আৱন্টন দিয়া মাটি নৰহে কেনেদৰে ক্ৰয় কৰিব পাৰিলে বুলি প্ৰশ্ন তুলি বিধায়ক মানৱ ডেকাই কয় যে এইয়া সম্পূর্ণ নীতি বিৰুদ্ধ কাম। ভূমি দখলৰ সন্দৰ্ভত নৰহৰ বক্তব্যৰ আঁত ধৰি ক্ষুদ্র চাহ খেতিয়কৰ প্ৰসংগ তুলি মানৱ ডেকাই কয় যে, কামৰূপ মেট্ৰ’ৰ শৈলেন কুলি, ঘন কুলি আদিয়ে কেনেদৰে লখিমপুৰত আহি ক্ষুদ্র চাহ খেতিয়ক হ’ল সেয়া ৰহস্যজনক।

ভৰত নৰহে লখিমপুৰ সমষ্টিত আহি নিৰ্বাচন খেলাৰ আশংকা কৰি ভয়তে মানৱ ডেকা তেওঁৰ বিৰুদ্ধে সৰৱ হোৱা বুলি নৰহে তোলা অভিযোগৰ প্ৰত্যুত্তৰ দি মানৱ ডেকাই প্ৰত্যাহ্বান জনাই কয় যে, ভৰত নৰহ, গৌৰৱ গগৈ বা ভূপেন বৰাই এই সমষ্টিত নিৰ্বাচন খেলিবলৈ আহিলে কলপুলি পুতি আদৰণি জনাম । কিন্তু তেওঁলোক যিয়েই নাহক কিয় লখিমপুৰ সমষ্টিত কোনো জিকিব নোৱাৰে। সমষ্টিতটোত বিজেপিৰ দখল মজবুত হৈ আছে। বিৰোধীয়ে কোনো কাৰণতে বিজেপিৰ দুৰ্গ ভাঙিব নোৱাৰে।

ৰাজনৈতিক নেতাৰ এনে তুংগত উঠা বাকযুদ্ধ পৰৱৰ্তী সময়ত কোন দিশে গতি কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Amrit Brikhshya Andolan: 1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.