ETV Bharat / state

Asomiya Yuva Mancha Protest in Lakhimpur : অনিয়মীয়া বিদ্যুৎ যোগান; অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Aug 18, 2023, 4:42 PM IST

Minister Nandita Garlosa Effigy Burned
লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

শুকুৰবাৰে লখিমপুৰত জ্বলিল শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা ৷ অনিয়মীয়া বিদ্যুৎ যোগানত ক্ষুদ্ধ হৈ নগৰৰ এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত শক্তি মন্ত্রীৰ পুত্তলিকা দাহ কৰি অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ ৷ শক্তি মন্ত্ৰী গৰাকীক মন্ত্রীসভাৰ পৰা অপসাৰণৰ দাবী অসমীয়া যুৱ মঞ্চৰ ৷

অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

লখিমপুৰ, ১৮ আগষ্ট : লখিমপুৰত জ্বলিল ৰাজ্য চৰকাৰৰ শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা ৷ শুকুৰবাৰে লখিমপুৰ নগৰৰ কেবি ৰোডত থকা এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই ৷ মূলতঃ অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে অসমীয়া যুৱ মঞ্চই শক্তি মন্ত্রীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিদুৎ বিভাগ হায় হায়, শক্তি মন্ত্রী হুচিয়াৰ, বিদ্যুৎ যোগান নিয়মীয়া কৰক আদি শ্লোগানেৰে অসমীয়া যুৱ মঞ্চই শক্তি মন্ত্রীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদস্থলীত অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াসকলে তীব্র ক্ষোভ প্রকাশ কৰি কয় যে সম্প্রতি উৎকট গৰমে দহিছে সমগ্র ৰাজ্য ৷ এনে সময়ত সঘনে বিদ্যুৎ কৰ্তন কৰা হৈছে ৷ বিদ্যুতৰ মুখ দেখি নোপোৱা হৈছে ৰাইজে ৷ উৎকত গৰমত ৰাইজে চাটিফুটি কৰি মৰিব লগীয়া হৈছে ৷ কিন্তু চৰকাৰ অথবা শক্তি বিভাগৰ এই লৈ কাণসাৰ নাই ৷ ফোপজহী মৰা কথাৰে ৰাইজক উপলুঙাহে কৰা হৈছে বুলি কয় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Nalbari theft incident : বালিকৰিয়া বাসুদেৱ দেৱালয়ত চুৰিকাণ্ড; চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সামগ্ৰী

তেওঁলোকে কয় যে, বিদ্যুৎ যোগানত শক্তি বিভাগ চৰম ব্যৰ্থ হৈছে ৷ এনেদৰে বিভাগটো ব্যৰ্থ হোৱাৰ পিছত শক্তি মন্ত্রীৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই ৷ নন্দিতা গাৰ্লোচাই শীঘ্ৰে পদত্যাগ কৰক ৷ অন্যথা মন্ত্রী সভাৰ পৰা তেওঁক অপসাৰণ কৰক ৷ এই দাবী জনাই প্ৰতিবাদকাৰীসকলে কয় যে ৰাজ্যত বিদ্যুৎ যোগান নিয়মীয়া নহলে জংগী আন্দোলন গঢ়ি তোলা হ’ব ৷ প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া যুৱ মঞ্চৰ চিৰঞ্জিত বৰদলৈ, দীপাংকৰ নাথ আদিকে ধৰি ভালেখিনি সদস্যই অংশগ্রহণ কৰে ৷

লগতে পঢ়ক : Protest against Manipur incident: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে হাফলঙত মম্ জ্বলাই প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.