ETV Bharat / state

লখিমপুৰত দুটা অংগনৱাড়ী কেন্দ্র মুকলি মন্ত্রী যোগেন মহনৰ

author img

By

Published : Aug 14, 2022, 4:01 PM IST

লখিমপুৰত দুটা অংগনৱাড়ী কেন্দ্র মুকলি মন্ত্রী যোগেন মহনৰ
লখিমপুৰত দুটা অংগনৱাড়ী কেন্দ্র মুকলি মন্ত্রী যোগেন মহনৰ

ৰাজ্যজুৰি আজি এহেজাৰ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন(Anganwadi centre inaugurated in Lakhimpur) । লখিমপুৰৰ দুটা কেন্দ্ৰ উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে । অংগনবাদী কেন্দ্ৰসমূহ পৰ্যায়ক্ৰমে আদৰ্শ কেন্দ্ৰলৈ উন্নীত কৰা হ’ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

লখিমপুৰ, ১৪ আগষ্ট: আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে সমগ্ৰ ৰাজ্যত এহেজাৰটা অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰা হয়(Azadi ka amrit mahotsav celebration at Lakhimpur) । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো দুটা কেন্দ্ৰ উদ্বোধন কৰা হয়(Minister Jogen Mahan inaugurates Anganwadi centre in Lakhimpur) । প্ৰায় ২৫ লাখ টকাৰে নিৰ্মান কৰা অংগনৱাড়ী কেন্দ্ৰ দুটা উদ্বোধন কৰে ৰাজহমন্ত্ৰী যোগেন মহনে । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি এহেজাৰ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি পৰ্যায় ক্ৰমে সকলো কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ উন্নীত কৰা হ’ব বুলি সাংবাদিকৰ আগত সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ।

লখিমপুৰত দুটা অংগনবাদী কেন্দ্র মুকলি মন্ত্রী যোগেন মহনৰ

অংগনৱাড়ী কেন্দ্ৰক অমৃত কেন্দ্ৰ বুলি অভিহিত কৰি মন্ত্ৰী যোগেন মহনে কয় যে, আজিৰ শিশুক কাইলৈ এজন সুস্থ সৱল, বৌদ্ধিক গুণসম্পন্ন কৰি গঢ় দিবলৈ এই অমৃত কেন্দ্ৰৰ পৰাই শৈক্ষিক যাত্ৰা আৰম্ভ হ’ব । তাৰ বাবে অমৃত কেন্দ্ৰসমূহক সৰ্বতোপ্ৰকাৰে শক্তিশালী কৰি তোলা হ’ব । এই কাৰ্যসূচীত মন্ত্ৰী যোগেন মহনৰ সৈতে বিধায়ক মানৱ ডেকা, উপায়ুক্ত সুমিত সাত্তাৱান, বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : মানৱ শৃংখলৰে প্ৰতীক চিহ্ন বনাই আজাদী কা অমৃত মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.