ETV Bharat / state

Erosion in Lakhimpur: লখিমপুৰত সোৱণশিৰিৰ পাৰত পূজা-অৰ্চনা

author img

By

Published : Oct 11, 2022, 10:41 PM IST

subansiri erosion in lakhimpur
Erosion in Lakhimpur: লখিমপুৰত সোৱণশিৰিৰ পাৰত পূজা-অৰ্চনা

লখিমপুৰৰ ঘনচৰাইত জলসম্পদ বিভাগে এমাহ জোৰা প্ৰচেষ্টাৰ পাছতো ঘনচৰাইৰ মথাউৰি ৰক্ষা কৰিব নোৱাৰিলে (Embankment erosion in Lakhimpur) । যাৰ বাবে চৰকাৰ তথা বিভাগৰ প্ৰতি আস্থা হেৰাল ৰাইজৰ । সেয়ে মঙলবাৰে নদীৰ পাৰত পূজা অৰ্চনা কৰি নেদেখাজনৰ শৰণাপন্ন হ'ল মহিলাসকল ।

লখিমপুৰ ১১ অক্টোবৰ: সোৱণশিৰি নদীৰ পাৰত মহিলাৰ পূজা-অৰ্চনা । ধূপ-ধূনা,চাকি-বন্তি জ্বলাই কাকুতি ঘোষাৰে নেদেখাজনৰ শৰণাপন্ন হ'ল মহিলাসকল । সোৱণশিৰি নদীৰ খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ জলদেৱীক প্ৰাৰ্থনা কৰে মহিলাসকলে (Embankment erosion of Subanshiri river)।

সোমবাৰে লখিমপুৰত সোণশিৰিৰ ঘন চৰাইৰ মাথাউৰি ভঙাত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ(Embankment erosion in Lakhimpur) । ঘন চৰাই মাথাউৰিটো ভঙাত প্ৰায় কুৰিখনকৈ গাঁও জলমগ্ন হোৱাৰ সম্ভাৱনাই দেখা দিছে(Erosion in Lakhimpur) । মাথাউৰিটো ভঙাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৃহত্তৰ পানীগাঁৱৰ সোৱণশিৰি নৈপৰীয়া ৰাইজৰ মাজত(Flood in Lakhimpur) । সেয়েহে বানৰ কৱলৰ পৰা পৰিত্ৰাণ পাবলৈ জলদেৱীক পূজা-অৰ্চনা কৰে মহিলাসকলে ।

১৩ দিনৰ আগতে সোৱণশিৰিৰ ভগ্ন ঘন চৰাই মাথাউৰি পৰিদৰ্শন কৰিছিল জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই । ইয়াৰ পূৰ্বেও প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী কেশৱ মহন্তও পৰিদৰ্শন কৰি ঘন চৰাই মাথাউৰি নিৰ্মাণ কৰা আশ্বাস দিছিল নৈপৰীয়া ৰাইজক । মন্ত্ৰীৰ নিৰ্দেশত দিনে নিশাই জলসম্পদ বিভাগৰ বিষয়া-ঠিকাদাৰে মেৰামতিৰ কাম অব্যাহত ৰাখিছিল ।

Erosion in Lakhimpur: লখিমপুৰত সোৱণশিৰিৰ পাৰত পূজা-অৰ্চনা

কিন্তু সকলো চেষ্টা-পৰিশ্ৰম অথলে গ'ল । সোমবাৰে সোৱণশিৰিৰ বাঢ়নী পানীয়ে ভাঙি নিয়ে মথাউৰিটো । জানিব পৰা মতে বিগত বহুদিন ধৰি মথাউৰিৰ ভগ্ন অংশত চলি আছিল ভয়াৱহ খহনীয়া । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মন্ত্রী-বিধায়কে বহু আশ্বাসৰ পাছতো বিজ্ঞান সম্মতভাৱে ভীমপৰা-ঘনচৰাই মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই আজি এই পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পালে (Erosion hits riverside people in Assam) ।

উল্লেখ্য যে ঘনচৰাই মাথাউৰি ভঙাৰ ফলত সোৱণশিৰিৰ পানীয়ে তেলাহী মৌজাৰ প্ৰায় ৩০/৪০ খন গাওঁ বুৰাই পেলোৱাৰ শংকা কৰিছে স্থানীয় ৰাইজে । ফলত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । উপায়ন্তৰ হৈ নৈপৰীয়া ৰাইজে চৰকাৰ তথা বিভাগৰ সুমতি আহিবলৈ নৈ পাৰতে কৰিলে পূজা-অৰ্চনা ।

বিগত কেইবাদিনো ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত থকা দেখিবলৈ পোৱা গৈছে (Natural disaster in Assam) । কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । সেয়ে কেৱল লখিমপুৰতে নহয়, ৰাজ্যৰ আন আন প্ৰান্ততো চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই খহনীয়াগ্ৰস্ত ৰাইজে নৈ পাৰতে পূজা-পাতলৰ ব্যৱস্থা কৰাও দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক: Fake officer detained at Rangia : ৰঙিয়াত ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.