ETV Bharat / state

New Assamese movie: ৬ অক্টোবৰত ছবিগৃহলৈ মমতাৰ চিঠি

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:35 PM IST

প্ৰথমবাৰৰ বাবে অসমত কবিতাৰ আধাৰত নিৰ্মাণ কৰা হৈছে এখন অসমীয়া চলচ্চিত্ৰ । এটাও ইংৰাজী শব্দ ব্যবহাৰ নকৰাকৈ অতি আবেদনশীল এই ছবিখন হ'ল মমতাৰ চিঠি । মমতাৰ চিঠিয়ে মুক্তি লাভ কৰিব অহা ছয় অক্টোবৰত ।

Mamatar Sithi hit theatres on October 6
৬ অক্টোবৰত ছবিগৃহলৈ মমতাৰ চিঠি

৬ অক্টোবৰত ছবিগৃহলৈ মমতাৰ চিঠি

লখিমপুৰ,১৫ ছেপ্টেম্বৰ: কবিতাৰ আধাৰত অসমত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা চলচিত্র-মমতাৰ চিঠিয়ে মুক্তি লাভ কৰিব ছয় অক্টোবৰত । কবিতাৰ আধাৰত অসমত প্ৰথম বাৰৰ বাবে নিৰ্মাণ হৈছে এখন অসমীয়া চলচ্চিত্ৰ মমতাৰ চিঠি । এটাও ইংৰাজী শব্দ ব্যবহাৰ নকৰা অতি আবেদনশীল এই ছবিখনে অহা ছয় অক্টোবৰত ছবিগৃহত মুক্তি লাভ কৰিব ।

প্ৰথিতযশা কবি হেম বৰুৱাৰ হৃদয়স্পর্শী কবিতা মমতাৰ চিঠিৰ আধাৰত নিৰ্মাণ কৰা একে নামৰ চলচিত্রখনৰ চিত্র নাট্য সংলাপ আৰু পৰিচালনা নিৰ্মল দাসৰ । মূখাৰ বেনাৰত নিৰ্মাণ কৰা মমতাৰ চিঠিৰ প্ৰযোজক দেবাদীব দাস । চলচ্চিত্রখনৰ আৱহ সংগীত তৰালি শৰ্মাৰ । কণ্ঠ জুবিন গাৰ্গ, তৰালি শৰ্মা আৰু ভাস্কৰ অপচ'ৱেল, শৰ্মিষ্ঠা দাসৰ । চিত্ৰগ্ৰহণ আৰু কাৰিকৰী নিৰ্দেশনা প্ৰদীপ দৈমাৰীৰ ।

অভিনয়ত আছে গুঞ্জন ভৰদ্বাজ, গীতাঞ্জলি শইকীয়া, চেতনা দাস, ৰীণা বৰা, ভাৰ্গব কটকী, বিপ্লৱ বৰকাকতি, কবীন্দ্র দাস, হেমাংগ ৰায় চৌধুৰী, পল্লব পৱন বৰা, মল্লিকা শৰ্মা, বিশ্বজিৎ ওজা, দীপশিখা, মনোজ, গৰিমা, দিগন্ত, দিপাংক, গোলাপ, ভিক্টৰ, অৰ্জুন, মুৰ্চনা ময়ুৰী, প্ৰিয় দৰ্শন, প্ৰেৰণা, অডিচি আদি ।

শুকুৰবাৰে মমতাৰ চিঠিৰ পৰিয়ালৰ পৰিচালক নিৰ্মল দাস, শিল্পী গীতাঞ্জলি শইকীয়া, কবীন্দ্র দাস, হেমাংগ ৰায় চৌধুৰী, দীপশিখা দাস আৰু ভিক্টৰ অৰ্জুন দাস আদিয়ে ছবিখনৰ প্ৰচাৰৰ বাবে আহি লখিমপুৰত উপস্থিত হয় । তেওঁলোকে লখিমপুৰৰ সংবাদকৰ্মীসকলৰ সৈতে অন্তৰংগ এক আলাপত মিলিত হয় । হেম বৰুৱাৰ হৃদয়স্পর্শী কবিতাৰ আধাৰত নিৰ্মাণ কৰা অতি আবেদনশীল প্ৰেম-ৰোমান্সেৰে ভৰপূৰ তথা বিষাদ বিধৌত এই ছবিখন চাবলৈ অসমৰ ৰাইজক বিনম্রভাৱে আহ্বান জনায় ।

লগতে পঢ়ক: NAAC A+: দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়লৈ নাকৰ A+ স্বীকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.