ETV Bharat / state

উপাচাৰ্য নিযুক্তিৰ ডেৰ বছৰ পিছতো মাধৱদেৱ বিশ্ববিদ্যালয়ত আৰম্ভ নহ'ল পাঠদান

author img

By

Published : Dec 24, 2020, 3:23 PM IST

মাধৱদেৱ বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি কৰিয়েই দায়িত্ব সামৰিলে শিক্ষা বিভাগে
মাধৱদেৱ বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি কৰিয়েই দায়িত্ব সামৰিলে শিক্ষা বিভাগে

নাৰায়ণপুৰত বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি কৰিয়েই দায়িত্ব সামৰিলে ৰাজ্যৰ শিক্ষা বিভাগে । আজি পৰ্যন্ত পাঠদান আৰম্ভ নহ'ল নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত । পাঠদান আৰম্ভ নোহোৱাত ক্ষুদ্ধ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা । নাৰায়ণপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ ।

বিহপুৰীয়া, ২৪ ডিচেম্বৰ: প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে ৰাজ্যত তিনিখনকৈ বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে । লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মাধৱদেৱ বিশ্ববিদ্যালয়, হোজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু বজালীত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছিল । কেৱল ঘোষণাতে সীমাবদ্ধ নাথাকি পৰৱৰ্তী সময়ত তিনিওখন বিশ্ববিদ্যালয়তে উপাচাৰ্য নিযুক্তিৰ কামো সম্পন্ন কৰিছিল ।

মাধৱদেৱ বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তি কৰিয়েই দায়িত্ব সামৰিলে শিক্ষা বিভাগে

কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে, উপাচাৰ্য নিযুক্তিৰ ডেৰ বছৰৰ পিছতো বিশ্ববিদ্যালয়কেইখনত আজি পৰ্যন্ত পাঠদান আৰম্ভ নহ'ল । এতিয়া দ্বিতীয়টো শিক্ষাবৰ্ষৰ পাঠদান আৰম্ভ কৰাৰ সময় । কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু ভট্টদেৱে বিশ্ববিদ্যালয়ৰ লগতে মাধৱদেৱ বিশ্ববিদ্যালয়ে আজিও নামভৰ্তি তথা পাঠদান আৰম্ভ কৰাৰ কোনো চৰকাৰী নিৰ্দেশনা লাভ কৰা নাই ।

আনহাতে, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাক বিশ্ববিদ্যালয়খনৰ নামভৰ্তি আৰু পাঠদান সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ সাংবাদিকৰ কেমেৰাৰ সন্মুখত এই বিষয়ে যিকোনো তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । লগতে ৰাজ্যৰ আন বিশ্ববিদ্যালয়তো নামভৰ্তি আৰু পাঠদান আৰম্ভ হোৱা নাই বুলি দাবী কৰে উপাচাৰ্যগৰাকীয়ে ।

ইফালে, উপাচাৰ্য নিযুক্তিৰ ডেৰ বছৰৰ পিছতো মাধৱদেৱ বিশ্ববিদ্যালয়ত পাঠদান আৰম্ভ নোহোৱাত ক্ষুণ্ণ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা । এই ক্ষেত্ৰত স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাৰ নীৰৱ ভূমিকাকো সমালোচনা কৰিছে সংগঠনটোৱে । উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই শীঘ্ৰে বিশ্ববিদ্যালয়খনত পাঠদান আৰম্ভ কৰাৰ দাবী জনাইছে ।

উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিৰ্ময় হাজৰিকা আৰু উপ সভাপতি ক্ষীৰোদ দুৱৰা, সাধাৰণ সম্পাদক কৃষ্ণজ্যোতি হাজৰিকা, লখিমপুৰ জিলা সমিতিৰো কেইবাগৰাকী বিষয়ববীয়াই বিশ্ববিদ্যালয়খনত আন্তঃগাঁথনি উন্নয়নৰ সমান্তৰালকৈ পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই আজি নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:অমিত শ্বাহক আদৰাৰ বাবে আমিনগাঁৱত যুদ্ধকালীন তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.