ETV Bharat / state

Pranab Saikia Murder: হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব;মন্ত্ৰী জয়ন্ত মল্লৰ পৰিয়ালক আশ্বাস

author img

By

Published : Jul 31, 2023, 3:55 PM IST

সোমবাৰে পুৱা প্ৰয়াত প্ৰণৱ দাসৰ বাসগৃহত উপস্থিত হ’ল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ ‘দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পোৱাৰ ব্যৱস্থা কৰা হ’ব ৷’ এই আশ্বাস মন্ত্ৰীগৰাকীৰ ৷ প্ৰণৱ শইকীয়াৰ আইতাকৰ আহ্বান,’আমি কেনেকৈ উদ্ধাৰ পাম সেইটো চিন্তা কৰিব নালাগে ৷ আমাক লাগে ন্যায় ৷’

Minister Jayanta Malla Baruah in Lakhimpur
প্ৰণৱ শইকীয়াৰ হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব

প্ৰণৱ শইকীয়াৰ হত্যাকাৰীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব

লখিমপুৰ,31 জুলাই : সোমবাৰে পুৱা প্ৰয়াত প্ৰণৱ দাসৰ বাসগৃহত উপস্থিত হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ চাৰিদিনৰ পূৰ্বে দুৰ্বৃত্তৰ হাতত প্ৰাণ গৈছিল যুৱক প্ৰণৱ শইকীয়াৰ ৷ জিলা আয়ুক্ত সুমিত সাত্তাৱান, বিধায়ক মানৱ ডেকা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা সহ প্ৰণৱৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ দুৰ্ভগীয়া পৰিয়ালৰ মন্ত্ৰীগৰাকীলৈ অনুৰোধ, যাতে দোষীয়ে কঠোৰ শস্তি পায় ৷ আমাক লাগে ন্যায় ৷ হত্যাকাৰীক ফাঁচী দিব লাগে ৷ আপোনালোকে তাৰ হত্যাকাৰীক সহজতে এৰি নিদিব ৷

ভুক্তভোগী পৰিয়ালক সমবেদনা প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় , ‘এনে ঘটনা হ’ব বুলি আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো ৷ ইতিমধ্যে দুই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আমি যিমান পাৰো সিমান চেষ্টা কৰিম যাতে দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পায় তাৰ ব্যৱস্থা কৰা হ’ব ৷ আইনে যি কয় তাৰ ওপৰত ভিত্তি কৰিয়ে শাস্তি প্ৰদান কৰা হ’ব ৷’

আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱালৈ প্ৰণৱ শইকীয়াৰ আইতাকৰ আহ্বান,"আমি কেনেকৈ উদ্ধাৰ পাম সেইটো চিন্তা কৰিব নালাগে ৷ আমাক লাগে ন্যায় ৷ আপোনাক হাতযোৰ কৰিছো হত্যাকাৰীক ফাঁচী দিয়ক ৷ মই এই বিলাক কথা ভাবিলে মূৰ ঘুৰাই যায় ৷ ধন লৈ কোনো কাৰণতে হত্যাকাৰীৰ বাইকখন ঘুৰাই নিদিব ৷’

চাৰিদিনৰ পূৰ্বে চোৰ কৰিবলৈ গৈ প্ৰণৱ শইকীয়াক হত্যা কৰিছিল দুৰ্বৃত্তই ৷ এই হত্যাকাণ্ডৰ পাচতে প্ৰতিবাদত উত্তপ্ত হৈ পৰিছিল লখিমপুৰ ৷ পথ অৱৰোধ, অপৰাধীৰ ঘৰৰ উচ্ছেদৰ দাবীৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল ৰাইজে ৷ তেজপুৰ আইটিআইৰ ছাত্ৰ প্ৰণৱ শইকীয়াৰ হত্যাকাণ্ডৰ পাচতে কোনো ধৰণৰ হিংসাত্মক পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ আৰক্ষী তৎপৰ হৈ পৰিছিল ৷

লগতে পঢ়ক:Pranab Saikia murder case: প্ৰণৱ শইকীয়াৰ হত্যাৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰ সিদ্ধান্ত গাঁৱবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.