ETV Bharat / state

Hikes of home guards daily allowance: চৰকাৰক ধন্যবাদ জনালে লখিমপুৰ গৃহৰক্ষী জিলা সমিতিয়ে

author img

By

Published : Oct 22, 2022, 7:22 PM IST

শনিবাৰে লখিমপুৰ প্ৰেছ ক্লাৱত লখিমপুৰ গৃহৰক্ষী জিলা সমিতিয়ে এখন সংবাদমেলৰ আয়োজন কৰে (Lakhimpur Home Guard dist committee press meet) ৷ এই সংবাদমেলখনত গৃহৰক্ষী সকলৰ দা-দৰমহাৰ ক্ষেত্রত চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনায় ৷

Lakhimpur Home Guard district committee press meet
চৰকাৰক ধন্যবাদ জনালে লখিমপুৰ গৃহৰক্ষী জিলা সমিতিয়ে

লখিমপুৰ, 22 অক্টোবৰ: যোৱা 9 আগষ্ট তাৰিখে অসমৰ গৃহৰক্ষী জোৱানসকলৰ ভাট্টা বৃদ্ধি কৰাৰ ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি গৃহৰক্ষী জোৱানসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল (Hikes of home guards daily allowance) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই খবৰে লখিমপুৰ জিলাৰ গৃহৰক্ষী জোৱানসকলকো (Lakhimpur Home Guard dist committee)আনন্দিত কৰি তুলিছে ৷

শনিবাৰে লখিমপুৰ প্ৰেছ ক্লাবত লখিমপুৰ গৃহৰক্ষী জিলা সমিতিয়ে এখন সংবাদমেল আয়োজন কৰে (Lakhimpur Home Guard dist committee press meet) ৷ এই সংবাদমেলখনত গৃহৰক্ষী সকলৰ দা-দৰমহাৰ ক্ষেত্রত চৰকাৰে লোৱা পদক্ষেপক আদৰণি জনায় ৷ অসম চৰকাৰক হাতযোৰ কৰি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পাৰিতোষিক বৃদ্ধিৰ ঘোষণাই তেওঁলোকক এক নজীৱন প্ৰদান কৰে বুলি মন্তব্য প্ৰকাশ কৰে ৷

চৰকাৰক ধন্যবাদ জনালে লখিমপুৰ গৃহৰক্ষী জিলা সমিতিয়ে

ইয়াৰোপৰি অনাগত দিনসমূহত নিয়মীয়া ভাবে নিযুক্তি দিয়াৰ বাবেও চৰকাৰক আহ্বান জনায় গৃহৰক্ষী জোৱানসকলে ৷ এজনো গৃহৰক্ষী জোৱানক যাতে কোনো প্ৰকাৰে বঞ্চিত নকৰে তাৰ বাবে চৰকাৰক আহ্বান জনায় ৷ লগতে গৃহৰক্ষী জোৱানসকলৰ চাকৰি স্থায়ী কৰাৰ বাবেও আহ্বান জনায় ৷

ইপিনে শেহতীয়াকৈ লখিমপুৰ মেডিকেল কলেজত কৰ্মৰত 23 গৰাকী গৃহৰক্ষী জোৱানক তাৰপৰা আঁতৰাই পঠিওৱা কাৰ্যক ধিক্কাৰ দিয়ে গৃহৰক্ষী সন্থাই ৷ এই সংবাদ মেলখনত গৃহৰক্ষী সন্থাৰ জিলা সমিতিৰ কেইবাজনো বিষয় ববীয়াই অংশগ্রহণ কৰে ৷

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহৰক্ষী জোৱানৰ ভাট্টা বৃদ্ধি কৰাৰ বাবে দিছিল নিৰ্দেশনা । ৰাজ্যৰ গৃহৰক্ষী জোৱান সকলক ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা কৰাৰ নিৰ্দেশনা দিছিল উচ্চ ন্যায়ালয়ে (High Court orders hike in wages of Assam Home Guards)। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ীয়ে সোমবাৰে এই নিৰ্দেশনাৰ কথা ঘোষণা কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

অহা ৩০ দিনৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত দেশৰ ২৩ খন ৰাজ্যই কাৰ্যকৰী কৰিছে এই নীতি । এতিয়া অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত অসমৰ প্ৰতিগৰাকী গৃহৰক্ষী জোৱানলৈ ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা প্ৰদানৰ বাবে কি ধৰণে ব্যৱস্থা কৰে, সেয়া হ’ব লক্ষ্যনীয় ।

লগতে পঢ়ক: Employment of Child Labour: ধোৱাচাঙত শিশু শ্ৰমিক আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.