ETV Bharat / state

লখিমপুৰত বানৰ তাণ্ডৱ: প্লাৱিত বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Jun 9, 2021, 7:46 PM IST

lakhimpur-flood-update
লখিমপুৰত বানৰ তাণ্ডৱ: প্লাৱিত বিস্তীৰ্ণ অঞ্চল

লখিমপুৰত অব্যাহত আছে বানৰ তাণ্ডৱ । ঘৰ-বাৰী, বাট-পথ, খেতি পথাৰ সকলো বুৰ গৈছে বাঢ়নি পানীত ৷ নীপকোৱে পানী এৰি দিয়াত এতিয়া ৰঙানদীয়ে লখিমপুৰত সংহাৰী ৰূপ ধাৰণ কৰিছে ৷

লখিমপুৰ, 9 জুন: লখিমপুৰত অব্যাহত আছে বানৰ তাণ্ডৱ । ঘৰ-বাৰী, বাট-পথ, খেতি পথাৰ সকলো বুৰ গৈছে বাঢ়নি পানীত ৷ নীপকোৱে পানী এৰি দিয়াত এতিয়া ৰঙানদীয়ে লখিমপুৰত সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ নদীৰ বাঢ়নি পানীৰ ফলত এতিয়া জলবন্দী হৈ থাকিব লগীয়া হৈছে বহু পৰিয়াল ৷ ৰঙানদীৰ লগতে কাকৈ আৰু গোম নদীৰ বাঢ়নী পানীৰ কৱলত পৰিছে বহু গাঁও ৷ বানৰ প্ৰকোপত এতিয়া বন্যাৰ্তৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ ।

লখিমপুৰত বানৰ তাণ্ডৱ: প্লাৱিত বিস্তীৰ্ণ অঞ্চল

উল্লেখ্য যে, ৰাজ্যত বছৰৰ প্ৰথমটো বানত দুখনকৈ জিলা ক্ৰমে- ধেমাজি আৰু লখিমপুৰৰ তিনিটা ৰাজহ চক্ৰৰ অন্তৰ্গত 36 খন গাঁও জলমগ্ন হৈ পৰিছে ৷ এই বানত দুয়োখন জিলাৰ 30,153 গৰাকী লোক প্ৰভাৱিত হৈছে ৷ তদুপৰি বাঢ়নি পানীত প্লাৱিত হৈছে 282.5 হেক্টৰ কৃষিভূমি ৷ এতিয়ালৈকে বানপীড়িত লোকৰ বাবে দুটা আশ্ৰয় শিবিৰ বিহপুৰীয়াত স্থাপন কৰি তাত বানত প্ৰভাৱিত লোকসকলক ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ ৰাজ্যৰ প্ৰথমটো বানৰ কৱলত পৰি এই পৰ্যন্ত কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই যদিও কৰ’ণা (Corona) মহামাৰীৰ এই সংকটৰ সময়ছোৱাত বানত প্ৰভাৱিত অঞ্চলৰ ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ৰাজ্যৰ প্ৰথমটো বানত বিভিন্ন ঠাইত কিছু মথাউৰিও ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে অসমৰ দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰিছিল এই তথ্য় ৷

লগতে পঢ়ক: বছৰটোৰ প্ৰথম বানত প্ৰভাৱিত ৰাজ্যৰ দুখন জিলাৰ 36খন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.