ETV Bharat / state

Prisoner fight: কাৰাগাৰৰ কুঠৰীত তয়াময়া ৰণ, 5 দিনৰ অন্তত নিয়তিৰ ওচৰত হাৰ মানিলে আব্দুলে

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 12:39 PM IST

উত্তৰ লখিমপুৰ জিলা কাৰাগাৰৰ কাৰাগাৰৰ ভিতৰত একাংশ বন্দীৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত আহত এগৰাকী কাৰাবন্দীৰ মৃত্যু ৷

Prisoner fight
5 দিনৰ অন্তত নিয়তিৰ ওচৰত হাৰ মানিলে আব্দুলে

5 দিনৰ অন্তত নিয়তিৰ ওচৰত হাৰ মানিলে আব্দুলে

লখিমপুৰ, ৩ নৱেম্বৰ : যোৱা ২৯ অক্টোবৰত লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰত কাৰাবন্দীৰ মাজত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাত চাৰিজন আহত হৈছিল যদিও ইয়াৰে এজন গুৰুতৰভাৱে আহত হৈছিল ৷ গুৰুতৰভাৱে আহত আব্দুল মোতালিব নামৰ কাৰাবন্দীজনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা অৰ্থাৎ আজি মৃত্যু হয় কয়দীজনৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে নিশা আবুল কালাম নামৰ কয়দীটোৱে আক্ৰমণ কৰে আন একাংশ কাৰাবন্দীক । আবুল কালামৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ক্ৰমে আব্দুল মোতালিব, ৰুহুল আমিন, আজিজুৰ ৰহমান আৰু জয়নাল আবেদিন নামৰ কাৰাবন্দীকেইটা।

উল্লেখ্য যে, আবুল কালামে প্ৰায় ৩ মাহ পূৰ্বে ভাতৃ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল । দেওবাৰে নিশাই কয়দী আবুল কালামে শোৱাপাটীতে আক্ৰমণ কৰে আন চাৰি বন্দীক । আবুলে আজিজুৰ ৰহমানৰ মূৰত আঘাত কৰাৰ লগতে, আব্দুল মোতালিব ওৰফে চিমাইন্নাকোৰ মূৰত শিলেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ ততালিকে সংকটজনক অৱস্থাত চিমাইন্নাক ভৰ্তি কৰা হৈছিল AMCH ত। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আব্দুলে ৷

এই ঘটনাত আহত আজিজুৰ ৰহমান, ৰুহুল আমিন, জয়নাল আবেদিন নামৰ আন তিনিজন আঘাতপ্ৰাপ্তক ইতিমধ্যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ও হাস্পতালৰ পৰা চিকিৎসা কৰি পুনৰ কাৰাগাৰলৈ লৈ যোৱা হৈছে ৷ ইয়াৰে আজিজুৰ ৰহমানৰ মূৰত পাঁচটাকৈ চিলাই পৰে। সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা মৃতদেহটো লখিমপুৰ লৈ আনি থকা হৈছে। মৃতদেহটো আনি স্ব গৃহত পোৱাৰ পাচত কেনে পৰিস্থিতি বিৰাজ কৰে সেইয়া হ’ব লক্ষণীয় ৷

উল্লেখ্য যে, আবুল কালামে প্ৰায় ৩ মাহ পূৰ্বে ভাতৃ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈছিল ৷

লগতে পঢ়ক: Prisoner fight: কাৰাগাৰৰ কুঠৰীৰ ভিতৰতে কয়দীৰ আক্ৰমণত আহত চাৰি কয়দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.