ETV Bharat / state

নাৰায়ণপুৰত হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ গোটৰ কাৰ্যালয় উদ্বোধন

author img

By

Published : Jan 16, 2021, 2:17 PM IST

শনিবাৰে শুভ উদ্বোধন কৰা হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত স্থাপন কৰা হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ গোটৰ কাৰ্যালয় । শ্ৰী শ্ৰী ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ধৰ্মীয় ৰীতি-নীতিৰে মুকলি কৰে কাৰ্যালয়টো । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ গোটৰ কাৰ্যালয় ।

নাৰায়ণপুৰত হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ গোটৰ কাৰ্যালয় উদ্বোধন
নাৰায়ণপুৰত হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ গোটৰ কাৰ্যালয় উদ্বোধন

বিহপুৰীয়া, ১৬ জানুৱাৰী: ফেচবুকৰ জৰিয়তে লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টি ভিত্তিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগীসকলে "হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ" শীৰ্ষক এটি গোট খুলিছিল । শনিবাৰে এই গোটটোৰ কাৰ্যালয় উদ্বোধন কৰা হয় । নাৰায়ণপুৰ নগৰৰ ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থাপন কৰা হৈছে এই কাৰ্যলয়টো । শনিবাৰে শ্ৰী শ্ৰী ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ধৰ্মীয় পৰম্পৰাৰে মুকলি কৰে কাৰ্যালয়টো । ভকত-বৈষ্ণৱে নাম-কীৰ্তন কৰি আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলে ।

নাৰায়ণপুৰত হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ গোটৰ কাৰ্যালয় উদ্বোধন

আজিৰ অনুষ্ঠানত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কেশৰাম বৰা, বিজেপি নেতা তুলেশ্বৰ পেগু, ৰাজীৱ বৰুৱা, নৱ দত্ত, হেমন্ত নেওগৰ উপৰিও হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ গোটৰ ৰাজীৱ শৰ্মা, ডা০ প্ৰাঞ্জল বৰা, চন্দ্ৰ কুমাৰ বৰুৱা, জ্যামিনি শৰ্মা প্ৰমুখ্যে শতাধিক অনুৰাগী উপস্থিত থাকে । সভাপতি বিপুল গগৈ, সম্পাদক দুগৰাকী ক্ৰমে পাৰ্থ ফুকন আৰু বিতুপন শইকীয়াই নেতৃত্ব দি অহা "হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ" গোটৰ উদ্দেশ্য হৈছে বিহপুৰীয়া সমষ্টিৰ সামগ্ৰীক বিকাশ আৰু উন্নয়ন । পৰৱৰ্তী সময়ত এই কাৰ্যালয়টোৰ পৰাই গোটটোৰ কাম-কাজ চলিব বুলি বিহপুৰীয়া সমষ্টিৰ "হিমন্ত বিশ্ব শৰ্মা ফ'ল'ৱাৰ্ছ" গোটৰ বিষয়ববীয়াই জনাইছে ।

উল্লেখ্য যে, অহা ১৯ জানুৱাৰীত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিহপুৰীয়া সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাব । মন্ত্ৰীগৰাকীয়ে উক্ত দিনা দুই সহস্ৰাধিক দলীয় সমৰ্থকৰ সৈতে সমষ্টিটোৰ প্ৰায় ২০ কিলোমিটাৰ জোৰা পথত চাইকেল ৰেলীত অংশ ল'ব । মন্ত্ৰীগৰাকীৰ আগমণৰ প্ৰাক মূহুৰ্তত তেওঁৰ অনুৰাগীসকলে সুকীয়াকৈ কাৰ্যালয় মুকলি কৰি কাম-কাজ আৰম্ভ কৰা কাৰ্যই সমষ্টিটোৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক:বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰথমে গ্ৰহণ কৰিলে ক‘ভিড-19 ভেকচিনৰ টিকাকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.