ETV Bharat / state

Gulab Chand Kataria news:বিষয়াক উন্নয়নমূলক আঁচনি ৰূপায়ণত নিৰীক্ষণ কৰিবলৈ ৰাজ্যপালৰ আহ্বান

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 8:20 PM IST

লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত জিলাখনৰ আটাইবোৰ চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰে এক বৈঠকত অংশগ্রহণ কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই । নিশা লখিমপুৰ আৱৰ্ত ভৱনতে কটোৱা ৰাজ্যপালগৰাকীয়ে পূৱা মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে ।

Gulab Chand Kataria in Lakhimpur
বৈঠকত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

বৈঠকত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

লখিমপুৰ, ২৭ ছেপ্টেম্বৰ : অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই দুদিনীয়া ভ্ৰমণসূচী লৈ মঙলবাৰে সন্ধ্যা লখিমপুৰ জিলাত উপস্থিত হোৱাৰ পিচত আজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখন সভাত অশগ্ৰহণ কৰে । কালি ডিব্ৰুগড়ৰ পৰা জিলাখনত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে প্ৰথমে উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত শাসিত) পৰিদৰ্শন কৰি অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ লগতে অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ মুকুন্দ ৰাজবংশীৰ সৈতে এক বিশেষ সভাত মিলিত হয় বিভিন্ন বিষয়ত আলোচনা কৰে । বুধবাৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই জিলাখনৰ আটাইবোৰ চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰে এক বৈঠকত অংশগ্রহণ কৰে ।

নিশা লখিমপুৰ আৱৰ্ত ভৱনতে কটোৱা ৰাজ্যপালগৰাকীয়ে পূৱা মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি দুপৰীয়া এই বৈঠকত অংশগ্রহণ কৰে । ৰাজ্যপালগৰাকীয়ে দুপৰীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় মূৰব্বী বিষয়াসকল সৈতে এক পৰ্যায়লোচনা বৈঠকত অংশগ্ৰহণ কৰি জিলাখনত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়িত হৈ থকা উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান লয় । তেওঁ বিভাগীয় বিষয়াসকলক উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ বেলিকা উপযুক্ত নিৰীক্ষণ কৰিবলৈ আহ্বান জনায় । সেই আঁচনি সমূহৰ সুবিধা প্রকৃত হিতাধিকাৰীয়ে লাভ কৰি উপকৃত হৈছে নে নাই তাক নিশ্চিত কৰাত গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনায় ৰাজ্যপালগৰাকীয়ে ।

প্ৰায় দুঘন্টা জোৰা এই বৈঠকত জিলা আয়ুক্ত সুমিত সাত্তাৱান, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে ধৰি জিলাখনৰ আটাইবোৰ চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াই অংশগ্রহণ কৰে । তাৰ পাছতে তেওঁ গুৱাহাটীলৈ বুলি উৰা মাৰে । উল্লেখ্য যোৱা নিশা লখিমপুৰ আৱৰ্ত ভৱনতে কটাই ৰাজ্যপালগৰাকীয়ে পূৱা জিলাখনৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ তেওঁ উপাচাৰ্য,পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অধ্যাপক-অধ্যাপিকাসকলৰ সৈতে এখন সভাত মিলিত হয় । তেওঁ বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক আৰু শৈক্ষিক দিশত থকা বিভিন্ন অভাৱ-অভিযোগ আৰু সমস্যাৱলী সম্পৰ্কে বুজ লয় । বিশ্ববিদ্যালয়খনৰ অভাৱ অভিযোগসমূহ নিৰাময় কৰাৰ ক্ষেত্ৰত তেওঁ যিমান পাৰি সিমান সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ইপিনে,ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে । তেওঁ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক বৈষ্ণৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জগত জিনিবৰ বাবে আহ্বান জনায় । মাধৱদেৱৰ কর্মৰাজী,দেশপ্ৰেম,দাস্যভক্তি আৰু মানৱপ্ৰেম অতুলনীয় বুলি আখ্যা দি তেওঁৰ আদৰ্শক বহুল প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে । প্ৰসংগক্ৰমে অসমক আধ্যাত্মিক জ্যোতিৰে অলোকিত কৰা বাৰবৈষ্ণৱৰ স্থান নাৰায়ণপুৰক এক তীৰ্থ ক্ষেত্র বুলিও তেওঁ কয় । ইয়াৰ পৰৱৰ্তী সময়ত ৰাজ্যপালগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় মূৰব্বী বিষয়াসকল সৈতে এক পৰ্যায়লোচনা বৈঠকখনত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:Gulab Chand Kataria news:লখিমপুৰত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.