ETV Bharat / state

Gulab Chand Kataria news:লখিমপুৰত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 8:42 PM IST

দুদিনীয়া ভ্ৰমণসূচীলৈ মঙলবাৰে সন্ধ্যা লখিমপুৰত উপস্থিত হয় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া । তেওঁ জিলাখনত উপস্থিত হৈয়েই প্ৰথম নৰ্থ লখিমপুৰ কলেজত এক কাৰ্যসূচীত অংশগ্রহণ কৰে ।

Governor Gulab Chand Kataria arrives in Lakhimpur
লখিমপুৰত উপস্থিত হয় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

নৰ্থ লখিমপুৰ কলেজত ৰাজ্যপাল

লখিমপুৰ, ২৬ ছেপ্টেম্বৰ : অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই দুদিনীয়া ভ্ৰমণসূচী লৈ মঙলবাৰে সন্ধ্যা লখিমপুৰ জিলাত উপস্থিত হয় । ডিব্ৰুগড়ৰপৰা স্থলপথেৰে আহি জিলাখনত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে প্ৰথমে উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত) পৰিদৰ্শন কৰে আৰু অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ লগতে অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড৹ মুকুন্দ ৰাজবংশী,উপাধ্যক্ষ ড৹ ৰঞ্জন বৰুৱা আৰু অন্যান্য বিষয়ববীয়া সকলৰ সৈতে এক বিশেষ সভাত মিলিত হয় ।

Governor Gulab Chand Kataria arrives in Lakhimpur
নৰ্থ লখিমপুৰ কলেজত ৰাজ্যপাল

মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষকগোট তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ৰাজ্যপালগৰাকীক উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে । উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চৰকাৰী স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ প্ৰাকৃতিক আৰু শৈক্ষিক পৰিৱেশ সন্দৰ্ভত ৰাজ্যপালগৰাকীয়ে বিশেষ সন্তুষ্টি প্রকাশ কৰাৰ লগতে উচ্চ প্ৰশংসা কৰে । ভ্ৰমণ কালত ৰাজ্যপালগৰাকীক সংগ দিয়ে লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱান আৰু আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । মহাবিদ্যালয়খনৰ এন চি চি কেডেট আৰু জিলা আৰক্ষীয়ে ৰাজ্যপালগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে । ইয়াৰ পিচত ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ আটাইকেইটা বিভাগৰ বিভাগীয় মূৰব্বী, অধ্যাপক আৰু ছাত্ৰ একতা সভাৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ।

Governor Gulab Chand Kataria arrives in Lakhimpur
নৰ্থ লখিমপুৰ কলেজত ৰাজ্যপাল

উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সমন্বয়ক ড° ৰাঘৱ পাৰাজুলিয়ে কলেজৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ সম্পৰ্কে এক বক্তব্য আগবঢ়াই আৰু মহাবিদ্যালয়খনৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কেও অৱগত কৰে । ভাৱ বিনিময়ৰ সময়ত ৰাজ্যপাল গৰাকীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে ৰাজ্যখনৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ বিষয়ে মন্তব্য আগবঢ়ায় । উত্তৰ লখিমপুৰ মহাবিদ্যালয়খনে ৰাজ্যত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগৰণুৱাৰ ভূমিকা পালন কৰিব বুলি ৰাজ্যপাল গৰাকীয়ে আশা প্ৰকাশ কৰে ।

তেওঁ কৌশলগত শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়াৰ লগতে ছাত্র-ছাত্ৰীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্ৰদান কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায় । শেহতীয়াকৈ অসম চৰকাৰে মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় পর্যায়লৈ উন্নীত কৰি এক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক তেওঁ উষ্ণ অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ পিচতে ৰাজ্যপালগৰাকীয়ে জিলা আৱৰ্ত ভৱনৰ সভাকক্ষত জনপ্ৰতিনিধিসকলৰ লগত আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ দ্বাৰা উপকৃত হোৱা হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে । তদুপৰি ৰাজ্যপালগৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসন আৰু জিলাস্থিত সুৰক্ষা বাহিনীৰ বিষয়াবৰ্গৰ সৈতেও এক পৰ্যালোচনা সভাত ভাগ লয় । জিলা আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত জিলা উপায়ুক্তৰ লগতে বিভাগীয় মূৰব্বী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Gulab Chand Kataria in Dhemaji: ধেমাজিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.