Gulab Chand Kataria in Dhemaji: ধেমাজিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:00 PM IST

thumbnail

ধেমাজি,২৬ ছেপ্টেম্বৰ: ৰাজ্যপালৰ ২৯ সংখ্যক জিলা পৰিদৰ্শনত ধেমাজি ৷ মঙলবাৰে পোন প্ৰথমবাৰৰ বাবে ৰাজ্যত ৰাজ্যপালৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ধেমাজিত উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াৰে পৰ্যালোচনা সভাত মিলিত হয় ৰাজ্যপালগৰাকী ৷ এই পৰ্যালোচনা সভাত উপস্থিত শিক্ষা মন্ত্ৰী ৰণোজ পেগু, অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ ৷  

কেইবাঘন্টা ধৰি হোৱা পৰ্যালোচনা সভাৰ পৰা আহি আবৰ্ত ভৱনত আহাৰ গ্ৰহণ কৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে সাংবাদিকৰ আগত নিজৰ বক্তব্য প্ৰদান কৰে ৷ ধেমাজিৰ ৰঙা বাও চাউল এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে বিদেশতো সমাদৃত ৷ কৃষকে ইয়াৰ দ্বাৰা লাভান্বিত হৈছে ৷ ৰাজ্যৰ বাট-পথৰ উন্নয়ন হোৱা বুলি কোৱাৰ লগতে কেইবাটাও বিষয়ৰ ওপৰত মন্তব্য দাঙি ধৰে ৷ ৰাইজৰ মাজলৈ আহিলে সমস্যাবোৰ বুজি পোৱা যায় ৷ মাটিৰ উৰ্বৰা শক্তি থকাৰ পিছতো এটা খেতি কৰাৰ বিপৰীতে ঋতু অনুযায়ী কৃষকসকলে খেতি কৰাৰ পোষকতা কৰে ৰাজ্যপালগৰাকীয়ে ৷

লগতে পঢ়ক: Birth anniversary of Srimanta Sankardeva:চিলাপথাৰত মহিলাৰদ্বাৰা প্ৰদৰ্শিত ভাওনা চাবলৈ ভিৰ অসংখ্য লোকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.