ETV Bharat / state

Gaon Panchayat scam: ডিক্ৰং গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 5:06 PM IST

ডিক্ৰং গাঁও পঞ্চায়তৰ সভাপতিৰ ওপৰত 9 গৰাকী ৱাৰ্ড সদস্যৰ অনাস্থা প্ৰস্তাৱ
ডিক্ৰং গাঁও পঞ্চায়তৰ সভাপতিৰ ওপৰত 9 গৰাকী ৱাৰ্ড সদস্যৰ অনাস্থা প্ৰস্তাৱ

ডিক্ৰং গাঁও পঞ্চায়তৰ সভাপতি ভগৱান ছেত্ৰীৰ বিৰুদ্ধে 9 গৰাকী ৱাৰ্ড সদস্যই তুলিলে অনাস্থা প্ৰস্তাৱ ৷ পঞ্চায়তৰ সভাপতিগৰাকীয়ে ৱাৰ্ড সদস্যসকলৰ অজ্ঞাতে আঁচনিসমূহ হাতত লৈ ধন আত্মসাৎ কৰে ৷ আনকি চৰকাৰী গৃহ আৰু জব কাৰ্ডৰ ধনসমূহৰ হিতাধিকাৰীসকলক প্ৰদান নকৰি আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

ডিক্ৰং গাঁও পঞ্চায়তৰ সভাপতিৰ ওপৰত 9 গৰাকী ৱাৰ্ড সদস্যৰ অনাস্থা প্ৰস্তাৱ

বিহপুৰীয়া, 26 অক্টোবৰ : লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়ন খণ্ডত চলিছে চৰম অৰাজকতা ৷ ডিক্ৰং গাঁও পঞ্চায়তৰ সভাপতি ভগৱান ছেত্ৰীৰ বিৰুদ্ধে 9 গৰাকী ৱাৰ্ড সদস্যই তুলিলে অনাস্থা প্ৰস্তাৱ ৷ যোৱা 13 অক্টোবৰত 9 গৰাকী ৱাৰ্ড সদস্যই অনাস্থা প্ৰস্তাৱ কাৰ্যকৰী কৰিবৰ বাবে লিখিত আবেদন জনায় ডিক্ৰং পঞ্চায়তৰ সচিবক ৷ ইফালে একেটা দিনতে অনাস্থা কাৰ্যকৰী কৰিবৰ বাবে কৰুণাবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, লখিমপুৰ জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু লখিমপুৰ জিলাৰ আয়ুক্তকো সুকীয়া সুকীয়াকৈ আবেদন জনায় ৷

এই অনাস্থাৰ আবেদনৰ ভিত্তিত বুধবাৰে ডিক্ৰং পঞ্চায়তৰ সভাকক্ষত এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ পঞ্চায়তৰ উপ-সভাপতি দেবেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত চৰম বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ইয়াৰ পিচতে অনাস্থাৰ সপক্ষে থকা পঞ্চায়তটোৰ চাৰিগৰাকী সদস্যই এই প্ৰস্তাৱ উঠাই লোৱাত সভাত আন এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ৷

তাৰ পিচতে অনাস্থাকাৰীসকলে বিষয়টো ভোটদানৰ জৰিয়তে সমাধান কৰিবৰ বাবে উৰ্দ্ধতম মহললৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ৷ সভাপতিৰ ওপৰত অনাস্থা অনা চাৰিগৰাকী সদস্যক ভগৱান ছেত্ৰীয়ে বিয়াগোম ধনৰ লেনদেনেৰে মেনেজ কৰা হ’ল বুলি অনাস্থা অনা আন ছগৰাকী সদস্যই স্পষ্টকৈ মত ব্যক্ত কৰিছে ৷ চৰম দুৰ্নীতিৰ অভিযুক্ত সভাপতি ভগৱান ছেত্ৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনাস্থাকাৰীসকলে উৰ্দ্ধতম কৰ্তৃপক্ষক আবেদন জনায় ৷

অনাস্থা অনা সদস্যই কয় যে, পঞ্চায়তৰ সভাপতিগৰাকীয়ে ৱাৰ্ড সদস্যসকলৰ অজ্ঞাতে আঁচনিসমূহ হাতত লৈ ধন আত্মসাৎ কৰে ৷ আনকি চৰকাৰী গৃহ আৰু জব কাৰ্ডৰ ধনসমূহৰ হিতাধিকাৰীসকলক প্ৰদান নকৰি আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: Junmoni Rabha's brother passes away: জোনমণিৰ পৰিয়ালক সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.