ETV Bharat / state

Eviction at Pabha Reserve Forest: উচ্ছেদিতৰ খবৰ ল’বলৈ গৈ ৰোষত পৰিল বিধায়ক ভৰত নৰহ

author img

By

Published : Jan 11, 2023, 6:57 PM IST

Eviction at Pabha Reserve Forest
ৰাইজৰ ৰোষত পৰিল বিধায়ক ভৰত নৰহ

পাভ সংৰক্ষিত বনাঞ্চলত অব্যাহত থকা উচ্ছেদ অভিযানত উচ্চছেদিত লোকৰ খবৰ ল’বলৈ গৈ গণৰোষত পৰিল বিধায়ক ভৰত নৰহ ৷ বিধায়কগৰাকীৰ সন্মুখতে প্ৰতিবাদমুখৰ হৈ পৰিল উচ্ছেদিত লোকসকল ৷ নিজৰে গ’ বেক ধ্বনি শুনি স্থান ত্যাগ কৰিলে বিধায়কগৰাকীয়ে (Public angry with MLA Bharat Narah)৷

ৰাইজৰ ৰোষত পৰিল বিধায়ক ভৰত নৰহ

লখিমপুৰ, ১১ জানুৱাৰী : লখিমপুৰ জিলাৰ ১১০ নং নাওবৈচা সমষ্টিৰ অন্তৰ্গত পাভ সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান ৷ বিগত কিছুদিনৰ পৰাই চৰকাৰ অথবা জিলা প্ৰশাসনে এই উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাই আছিল যদিও নীৰৱ হৈ আছিল সমষ্টিটোৰ কংগ্ৰেছী বিধায়ক ভৰত চন্দ্ৰ নৰহ ৷ উচ্ছেদ অভিযান চলি থকাৰ মাজতে বুধবাৰে দুপৰীয়া হঠাৎ উচ্ছেদিতৰ কাষত ঠিয় হয় বিধায়ক নৰহ ৷

উচ্ছেদিতসকলৰ কাষত উপস্থিত হোৱাৰ পাছত সমষ্টিবীসীয়ে তীব্ৰ ক্ষোভ উজাৰিলে বিধায়ক নৰহৰ বিৰুদ্ধে (Public angry with MLA Bharat Narah)৷ বুধবাৰে প্ৰৱল জনৰোষত পৰিবলগীয়া হ‘ল নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ । বিধায়কগৰাকীৰ সন্মুখতে ভৰত নৰহ গ’ বেক ধ্বনিৰে উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে সমষ্টিবাসীয়ে ৷ এই পৰিস্থিতি সৃষ্টি হয় পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ আশ্ৰয় শিবিৰত ৷

পাভ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ খবৰ ল’বলৈ গৈ বিপদত পৰিল বিধায়ক নৰহ ৷ উল্লেখ্য যে, দীৰ্ঘদিনে বেদখলৰ কবলত পৰি থকা সংৰক্ষিত বনাঞ্চলখনত বেদখলমুক্ত কৰিবলৈ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকে দাবী জনাই আহিছিল ৷ পৰিণতিত প্ৰশাসনে বিগত কিছুদিনৰ পৰাই পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাবলৈ প্ৰস্তুতি চলায় ৷ প্ৰশাসনৰ প্ৰস্তুতি দেখি ভীতিগ্ৰস্ত হৈ পৰিছিল বেদখলকাৰীসকল ৷ এনে প্ৰেক্ষাপটত সমষ্টিটোৰ কংগ্ৰেছী বিধায়কজনৰ পৰা সকলোৱে আশ্বাস কামনা কৰিছিল যদিও বিধায়কজনে সমষ্টিবাসীৰ পৰা দূৰত্ব বজাই নিতাল মাৰি ৰ’ল ৷ যাৰ পৰিণতিত পূৰ্ব নিৰ্ধাৰিত সূচীমতে দুদিনীয়া সময় লৈ বুধবাৰৰ পৰা বনাঞ্চলখনত উচ্ছেদ অভিযান আৰম্ভ কৰা হয় (Eviction at Pabha Reserve forest)৷

আজি এই উচ্ছেদ অভিযানৰ দ্বিতীয় দিন ৷ পুৱাৰ পৰা বনাঞ্চলখনৰ মহঘূলি এলেকাত শ শ আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ বিশাল বেষ্টনীৰ মাজত এফালৰ পৰা দখলকাৰীৰ সকলৰ ঘৰ-দুৱাৰ, শস্যক্ষেত্ৰ, মীন পাম নষ্ট কৰি দিয়া কৰা হয় ৷ এনে সময়তে দুপৰীয়া ভাগত বিধায়ক ভৰত নৰহ আহি উচ্ছেদিতসকলৰ কাষত ঠিয় দিয়ে(Bharat Narah at Pabha Forest Naoboicha)) ৷ লগে লগে জাঙুৰ খাই উঠে উচ্ছেদিত লোকসকল ৷

ভৰত নৰহৰ সন্মুখতে ভৰত নৰহ গ’ বেক ধ্বনি দি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে ৷ উচ্ছেদিতৰ লগতে আন সমষ্টিবাসীয়েও এই উচ্ছেদৰ বিৰুদ্ধে পুঞ্জীভূত হোৱা সমস্ত ক্ষোভ উজাৰে ভৰত নৰহৰ ওপৰত ৷ বিধায়ক ভৰত নৰহ গ'বেগ শ্লোগানে উত্তাল পৰিবেশ সৃষ্টি কৰি নিৰ্বাচনৰ সময়ত ভোটভিক্ষা কৰি ৰাজধানী দখল কৰাৰ পাছত বিপদৰ সময়ত সমষ্টিহাসীৰ খবৰ ল’বলৈ আহৰি নোপোৱা নৰহৰ বিৰুদ্ধে ক্ষোভিত সমষ্টিবাসীয়ে ভালকৈ এজাউৰি দিয়ে (Protest against MLA Bharat Narah)৷ সমষ্টিবাসীৰ এনে ক্ষোভৰ অগনিৰ সন্মুখত বেছি সময় থাকিব নোৱাৰি আঁতৰি যায় বিধায়ক ভৰত নৰহ ৷

লগতে পঢ়ক: Destruction of miscreants: জাঁজী-আমগুৰি মহোৎসৱস্থলীত দুস্কৃতিকাৰীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.