Destruction of miscreants: জাঁজী-আমগুৰি মহোৎসৱস্থলীত দুস্কৃতিকাৰীৰ তাণ্ডৱ

By

Published : Jan 11, 2023, 2:24 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

জাঁজী-আমগুৰি মহোৎসৱস্থলীত দুস্কৃতিকাৰীৰ তাণ্ডৱ । জাঁজী-আমগুৰি মহোৎসৱৰ মূল মণ্ডপৰ লাইখুটা কাটি নিলে দুস্কৃতিকাৰীয়ে(Miscreants destroyed Janji-Amguri Festival pandal) । শিৱসাগৰ জিলাৰ আমগুৰিৰ পেঙেৰা ঘাট সমন্বয় ক্ষেত্ৰত ১৬, ১৭, ১৮ আৰু ১৯ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ'বলগা জাঁজী-আমগুৰি মহোৎসৱৰ মূল মণ্ডপৰ লাইখুটা কাটি নিয়াৰ লগতে আমগুৰি বনবিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে থকা পেঙেৰা ঘাট সমন্বয় ক্ষেত্ৰৰ পৰা দুস্কৃতিকাৰীয়ে তিনি জোপাকৈ মূল্যৱান গছ কাটি নিয়াৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Miscreants cut precious tree in Amguri) । উল্লেখ্য যে ২০১৭ চনৰ পৰা ধাৰাবাহিক ভাৱে অনুষ্ঠিত হৈ আহিছে নদী ভিত্তিক উৎসৱৰ অন্যতম এই জাঁজী-আমগুৰি মহোৎসৱ । নদীৰ কাষৰীয়া অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসুচীৰ সমাহাৰেৰে অনুষ্ঠিত হৈ অহা এই জাঁজী আমগুৰি মহোৎসৱস্থলীত এতিয়া দৈনিক দুস্কৃতিকাৰীৰ অনৈতিক কাৰ্যত শংকিত হৈ পৰিছে উদযাপন সমিতি । এই সন্দৰ্ভত তদন্ত বিচাৰি ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণৰ বাবে উদযাপন সমিতিয়ে আজি অৰ্থাৎ বুধবাৰে আমগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.