ETV Bharat / state

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীক লৈ এজাহাৰ দুৰ্নীতি বিৰোধী যুৱশক্তিৰ

author img

By

Published : Sep 16, 2022, 10:28 PM IST

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীক লৈ এজাহাৰ দুৰ্নীতি বিৰোধী যুৱশক্তিৰ
লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীক লৈ এজাহাৰ দুৰ্নীতি বিৰোধী যুৱশক্তিৰ

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত দাখিল কৰা হ’ল এজাহাৰ ৷ লখিমপুৰ সদৰ থানাত গোচৰ দাখিল কৰিলে দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমে(Durniti Birudhi Yuba Sakti Asom) ।

লখিমপুৰ, ১৬ ছেপ্টেম্বৰ: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি কেলেংকাৰীৰ অভিযোগে সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তদন্তৰ দাবী জনোৱাৰ সময়তে শুকুৰবাৰে লখিমপুৰ সদৰ থানাত গোচৰ দাখিল কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমে(Durniti Birudhi Yuba Sakti Asom) ।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি কাণ্ডই জুই জ্বলাইছে জিলাখনত (Scam allegation against Lakhimpur medical college)। চৌদিশে প্ৰতিবাদৰ জুই দেখিবলৈ পোৱা গৈছে । এনে সময়তে এই নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰীত জড়িতসকলৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হৈছে এটা সংগঠন । লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তিত অনিয়মৰ অভিযোগ তুলি শুকুৰবাৰে লখিমপুৰ সদৰ থানাত গোচৰ দাখিল কৰিলে দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমে ৷ সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে শুকুৰবাৰে বিয়লি দাখিল কৰে এই এজাহাৰ ।

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীক লৈ এজাহাৰ দুৰ্নীতি বিৰোধী যুৱশক্তিৰ

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ(Lakhimpur MLA Manab Deka) ৰান্ধনীৰ পৰা অঙহী-বঙহীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে (Lakhimpur Medical College scam)। সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনায় দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ।

উল্লেখ্য যে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত উত্থাপিত কেলেংকাৰীৰ অভিযোগৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও জনালে সংগঠনটোৰ নেতৃত্বই ৷ নিযুক্তি প্ৰক্ৰিয়াত বঞ্চনাৰ বলি হোৱা প্ৰাৰ্থীসকলকো ওলাই আহিবলৈ আহ্বান জনায় দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ।

লগতে পঢ়ক: জামিন পায়ো মুকলি আকাশৰ তললৈ নাহিল ভিক্টৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.