ETV Bharat / state

Dog menace:প্ৰভূভক্ত কুকুৰেই যেতিয়া হৈ পৰে ভয়ৰ কাৰণ!

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:19 PM IST

Dog menace in Lakhimpur district
কুকুৰৰ সন্ত্ৰাস

লখিমপুৰ জিলাত কুকুৰৰ সন্ত্ৰাস । বহু কেইজন আহত । জনসংযোগ বিভাগৰ সজাগতাৰ প্ৰয়াস ৷

কুকুৰৰ সন্ত্ৰাস

লখিমপুৰ, ২৯ আগষ্ট : বাঘ, ভালুক, হাতী বা অন্য বনৰীয়া জন্তুৰ আক্ৰমণ নহয়, এইবাৰ ৰাইজ ভীতিগ্ৰস্ত হৈ পৰিছে কুকুৰৰ কাৰণে । গৰাকীৰ এক বিশ্বাসী জন্তু বুলি জনাজাত কুকুৰৰ ভয়ত ৰাস্তালৈ ওলাবলৈ ভয় কৰিছে ৰাইজে ৷ লখিমপুৰ জিলাত এইবাৰ কুকুৰৰ সন্ত্ৰাস । লখিমপুৰ জিলাৰ বিভিন্ন এলেকাত কুকুৰৰ আক্ৰমণত বহুকেইজন লোক আহত হ’বলগীয়া হৈছে ।

দৰাচলতে নগৰখনত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে এজাক কুকুৰৰ বাবে ৷ ইতিমধ্যে কেইবাজনো লোক কুকুৰৰ আক্ৰমণত আহত হৈছে ৷ কুকুৰৰ এনে আক্ৰমণ আৰু আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত জিলা জনসংযোগ বিভাগে মঙলবাৰে মাইকযোগে সচেতনতামূলক প্ৰচাৰ চলায় ।

বিগত কিছু দিনৰ পৰা লখিমপুৰ জিলাৰ কিছু কিছু এলেকাত পথচাৰী, যান-বাহনৰ আৰোহী কুকুৰৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে । সোমবাৰৰ দিনটোতে নগৰ এলেকাত চৈধ্যজনকৈ লোকক কুকুৰে কামুৰি আহত কৰে । নগৰখনত এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে পথৰ এই কুকুৰে । কুকুৰৰ এনে সন্ত্ৰাসত ৰাইজ শংকিত হৈ পৰিছে । বিশেষকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ অভিভাৱকসকল উদ্বিগ্ন হৈ পৰিছে ।

এনে পৰিস্থিতিত মঙলবাৰে জিলা তথ্য আৰু জনসংযোগ বিভাগে নগৰখনত মাইক যোগে সচেতনতামূলক প্ৰচাৰ চলায় । কুকুৰৰ আক্ৰমণত আহতসকলক অন্ধবিশ্বাসৰ বলি হৈ যিকোনো ধৰণৰ চিকিৎসা নকৰিবলৈ আহ্বান জনোৱাৰ লগতে চিকিৎসকৰ দ্বাৰা উপযুক্ত চিকিৎসা কৰাবলৈ আহ্বান জনায় । লখিমপুৰ জিলা সচেতন নাগৰিক সমাজেও এই ক্ষেত্ৰত ৰাইজক সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে স্বাস্থ্য বিভাগক পৰ্যাপ্ত ঔষধ পাতি মজুত ৰাখিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Kabu chapori Jonai:নি:সহায় কুকুৰৰ কাষত এজাক মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.