Kabu chapori Jonai:নি:সহায় কুকুৰৰ কাষত এজাক মহিলা

By

Published : Aug 18, 2023, 10:44 PM IST

thumbnail

জোনাই, ১৮ আগষ্ট : নি:সহায় কুকুৰৰ কাষত থিয় দিছে শতাধিক মহিলাই ৷ কবু চাপৰিৰ কুকুৰজাকক এসাজ আহাৰৰ যোগান ধৰিলে দঞি:পলো গ্ৰাম্য সংগঠনৰ শতাধিক মহিলাই ৷ কবু চাপৰিৰ পৰা উদ্ধাৰ কৰি আনি পবা বৰ্ষাৰণ্যৰ তিনি মাইল বিট অফিচৰ কাষত অস্থায়ী শিবিৰত ৰখা গৰাকীবিহীন কুকুৰজাকক এসাজ আহাৰৰ যোগান ধৰে শতাধিক মহিলাই । কবু চাপৰিৰ পৰা উদ্ধাৰ কৰি অনাৰ পিছৰে পৰা প্ৰকৃতিপ্ৰেমী তুষেশ্বৰ মিৰি আগৰৱালা, বিজিত বৰা, শেৱালী ৰেগনকে ধৰি বিভিন্ন লোকসকলে দৈনিক আহাৰৰ যোগান ধৰি আহিছিল এই গৰাকীবিহীন কুকুৰজাকক ।

সমান্তৰালভাৱে বুধবাৰে নি:সহায় গৰাকীবিহীন এই কুকুৰজাকৰ কাষত থিয় দিয়ে দঞি:পলো গ্ৰাম্য সংগঠনৰ শতাধিক মহিলাই । গ্ৰাম্য সংগঠনৰ স্থানীয় মহিলাসকলে কুকুৰক আহাৰৰ যোগান ধৰাৰ সমান্তৰালকৈ জোনাই মহকুমাৰ সকলো আত্ম সহায়ক গোট, গ্ৰাম্য সংগঠনসমূহক এই নি:সহায় গৰাকীবিহীন কুকুৰজাকক আহাৰ যোগান ধৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Jonai river island kabu chapori:জোনাইৰ নদীদ্বীপ কবু চাপৰিত পুনৰ প্ৰাণ পাই উঠিছে প্ৰকৃতিকূলে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.