ETV Bharat / state

Ray of hope in many homes: পকৰি বেছি ঘৰ চলোৱা পিতৃহাৰা বিমান দাসে পালে কনিষ্টবলৰ চাকৰি

author img

By

Published : May 13, 2022, 4:22 PM IST

বৃহস্পতিবাৰে বহু পঁজাত জ্বলিল আশাৰ বন্তি(Assam police recruitment results out on Thursday) । পূৰ্ণতা পালে বহু নিবনুৱাৰ সপোনে (Ray of hope in many homes)। একেদৰে লখিপুৰৰ এখন ঘৰটো বৈছে আনন্দৰ বন্যা । পকৰি বেছি ঘৰ চলোৱা বিমান দাসে পালে কনিষ্টবলৰ চাকৰি । মাতৃৰ দুচকুত আনন্দৰ চকুলো ।

Ray of hope in many homes
পকৰি বেছি ঘৰ চলোৱা পিতৃহাৰা বিমান দাসে পালে কনিষ্টবলৰ চাকৰি

লখিমপুৰ,১৩ মে': যত্ন কৰিলে ৰত্ন পায় । অসমীয়া সমাজৰ এই আপ্তবাক্যশাৰী আখৰে আখৰে সঁচা বুলি প্ৰমাণ কৰি দেখুৱালে লখিমপুৰৰ বিমান দাস নামৰ পিতৃহাৰা যুৱক জনে । ঘুগুনি পকৰি বেছি ঘৰ চলোৱা পিতৃহাৰা বিমানে পালে অসম আৰক্ষীৰ কনিষ্টবলৰ চাকৰি(Biman Das appointed in constable) ।

লখিমপুৰৰ বছাগাৱৰ বিমান দাসে ঘুগুনি পকৰি বেছি পঢ়াৰ খৰচ উলিওৱাৰ লগতে মাতৃসহ ভগ্নীক পোহপাল দিছিল । পঢ়া,ব্যৱসায়, ঘৰ চলোৱা আদিৰ সমানে বিমানে চলাই গৈছিল চাকৰিৰ বাবে শাৰিৰীক অনুশীলন । এই ক্ষেত্রত মাতৃয়েও দিছিল সাহস আৰু প্ৰেৰণা । আত্মবিশ্বাস, কষ্টৰ বলতে অৱশেষত বিমানে পালে কনিষ্টবলৰ চাকৰি । বৃহস্পতিবাৰে অসম আৰক্ষী কণিষ্টবল পদৰ ফলাফল ঘোষণা পিছতেই আনন্দ বন্যা বলিছে বিমান দাসৰ ঘৰত (Ray of hope in many homes) ।

পকৰি বেছি ঘৰ চলোৱা পিতৃহাৰা বিমান দাসে পালে কনিষ্টবলৰ চাকৰি

উল্লেখ্য দশমান শ্ৰেণীতেই পিতৃৰ বিয়োগ হোৱাত মাক, বায়েক আৰু ভনীয়েকৰ ভৰণপোষণৰ দায়িত্ব পৰিছিল বিমানৰ ওপৰত । পথৰ কাষত ঘুগুনি পকৰি বেছি পঢ়াৰ খৰচ উলিওৱাৰ লগতে বিধবা মাতৃ, বাই-ভনীৰে ভৰা ঘৰখন চলাবলগীয়া হৈছিল বিমানে ।

ইফালে জীৱিকা অৰ্জন, পঢ়া, চাকৰিৰ বাবে শাৰিৰীক অনুশীলন আদি সমানে চলাইছিল বিমানে । আন দহজন যুৱকৰ দৰে আড্ডা মাৰি ঘুৰি ফুৰিবলৈ সময় নাছিল বিমানৰ । প্ৰবল আত্মবিশ্বাস আৰু কষ্ট কৰি লক্ষ্যৰ দিশে আগবঢ়া বিমানৰ লক্ষ্য পুৰণ হল । মাতৃয়ে টুকিলে আনন্দৰ চকুলো । আনন্দত আত্মহাৰা হল গাঁওখনৰ ৰাইজ ।

ফলাফল ঘোষণাৰ পিছতেই লখিমপুৰ জিলাৰ বছাগাঁৱৰ বিমানৰ পৰিয়ালটোৰ লগতে গাঁৱৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে । নিকাভাৱে নিযুক্তি লাভ কৰাত পৰিয়ালৰ লোকৰ লগতে গাৱঁৰ ৰাইজ উৎফুল্লিত হৈ পৰাৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে বিমান দাসৰ লগতে গাওঁখনৰ আৰু পাঁচজন যুৱকে কনিষ্টবলৰ পদত নিযুক্তি লাভ কৰিছে ।

লগতে পঢ়ক: নিৰ্মাণ হ'ব নে তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেঁতু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.