ETV Bharat / state

BJP leader arrested: বহু ধনৰ লোভে লক্ আপ পোৱালেগৈ বিজেপি নেতা কেৰামতক

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:48 PM IST

ধনৰ লেন-দেনৰ অভিযোগত লখিমপুৰত গ্ৰেপ্তাৰ বিজেপি নেতা ৷ লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠ হিচাপে পৰিচিত কেৰামত আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ মন্ত্ৰী-বিধায়কৰ নাম লৈ ধন সংগ্ৰহৰ অভিযোগ কেৰামতৰ বিৰুদ্ধে ৷

BJP leader arrested
extortion in Lakhimpur

লখিমপুৰত গ্ৰেপ্তাৰ বিজেপি নেতা

লখিমপুৰ, ১৪ নবেম্বৰ: লখিমপুৰত গ্ৰেপ্তাৰ হ’ল বিজেপি নেতা কেৰামত আলী । লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠ ৰূপে পৰিচিত বিজেপিৰ লখিমপুৰ জিলা সংখ্যালঘু উন্নয়ন ব’র্ডৰ অধ্যক্ষ কেৰামত আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । সম্প্ৰতি তেওঁক সদৰ থানাত আৰক্ষীয়ে সোধা-পোছা কৰি আছে ।

যোৱা নিশা সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে কেৰামত আলীক । বিজেপিৰ লখিমপুৰ জিলা সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ৰূপে নিয়োজিত হৈ আছিল কেৰামত আলী । নিশা লখিমপুৰ আৰক্ষীয়ে আটক কৰিলে নেতাজনক । লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠ বুলি পৰিচিত তেওঁ ।

পিছে ঠিকা-ঠুকলি, বিভিন্ন আঁচনিৰ কাম দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন লোৱাৰ অভিযোগ উঠে কেৰামত আলীৰ বিৰুদ্ধে । বিধায়ক, সাংসদৰ নামতো বিভিন্নজনৰ পৰা বিভিন্ন অচিলাৰে ধন সংগ্রহ কৰাৰ অভিযোগ উঠে কেৰামতৰ বিৰুদ্ধে । এনে অভিযোগ পাই ক্ষুণ্ণ হৈ পৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকা ।

তেওঁ আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায় । যাৰ বাবে আৰক্ষীয়ে নিশা আটক কৰি সদৰ থানালৈ আনে কেৰামত আলীক । সম্প্ৰতি উত্তৰ লখিমপুৰ সদৰ থানাত সোধা-পোছা অব্যাহত ৰাখি গ্ৰেপ্তাৰ কৰে নেতাজনক । শাসকীয় দলটোৰ নেতাৰ এনে কৰ্ম-কাণ্ডই ৰাইজক হতবাক কৰি তুলিছে ।

উল্লেখ্য জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে জনোৱা মতে অতি কমেও পোন্ধৰ/বিশজন লোকৰ পৰা তেওঁ এনেদৰে কোটিৰো অধিক টকা সংগ্রহ কৰিছিল । তেওঁৰ সৈতে আন কেবাজনো লোক এইকাণ্ডত জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰি সমগ্র বিষয়টোক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Eviction in Morigaon:স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ মাটিত সাজিছিল সপোনৰ অবৈধ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.