ETV Bharat / state

Madhabdev 535 birth anniversary: বিহপুৰীয়াত মাধবদেৱৰ জন্মজয়ন্তীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

author img

By

Published : Jun 5, 2023, 9:34 PM IST

আজি শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৫ সংখ্যক আৰ্বিভাৱ তিথি (535th birth anniversary of Sri Sri Madhavadeva) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিহপুৰীয়া সমষ্টিৰ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থানত পালন কৰা হয় আৰ্বিভাৱ মহোৎসৱটি ৷

Birth anniversary of Sri Sri Madhavadeva celebrated in Bihpuria
বিহপুৰীয়াত মাধবদেৱৰ জন্মজয়ন্তীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

বিহপুৰীয়াত মাধবদেৱৰ জন্মজয়ন্তীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

বিহপুৰীয়া, ৫জুন: বিহপুৰীয়া সমষ্টিৰ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থানত ৫৩৫ সংখ্যক আৰ্বিভাৱ মহোৎসব আজি উদযাপন কৰা হয় ৷ শ্ৰী শ্ৰী মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ সৌজন্যত আৰু দুয়োখন থান পৰিচালনা সমিতিৰ সহযোগত ৫৩৫ সংখ্যক আৰ্বিভাৱ মহোৎসব আজি মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত আৰু ৰঙাজান উজীৰৰ টোলত একত্ৰিতভাৱে উদযাপন কৰে (Birth anniversary of Sri Sri Madhavadeva celebrated in Bihpuria) ৷

দীঘদিনৰ পৰা শংকৰদেৱ সংঘ আৰু মাহেকীয়া দুয়োখন থান পৰিচালনা সমিতিৰ মাজত থকা মতানৈক্য আৰু বিসম্বাদ পৰিহাৰ কৰি আজি দুয়োখন থানতে একত্ৰিত ভাৱে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় । পুৱা প্ৰীতি-মংগল সমাৰোহ আৰু বন্তি প্ৰজ্বলনৰ পিছতেই ধৰ্মধ্বজা উত্তোলন কৰা হয় (Madhabdev 535 birth anniversary) ৷

লগতে পঢ়ক: World environment day: মৰাণত ব্য়তিক্ৰমী ৰূপত বিশ্ব পৰিৱেশ দিৱস পালন

ইয়াৰ পিছতেই উঠা নাম গায়ন-বায়ন আৰু ন-কুৰি ভকতৰ দ্বাৰা নাম অনুষ্ঠিত হয় ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ভকত বৈষ্ণৱ আইমাতৃ সকলেও আহি লেটেকুপুখুৰী থানত নাম অনুষ্ঠান ভাগত অংশ লোৱা পৰিলক্ষিত হয় ৷ বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা(Minister Jayantamalla Baruah), সাংসদ প্ৰদান বৰুৱা, পল্লৱলোচন দাস, বিধায়ক ড৹ অমিয় কুমাৰ ভূঁঞা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি বহু বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

মন্ত্ৰীগৰাকীয়ে মহাপুৰুষগৰাকীৰ জন্ম স্থানক লৈ দীৰ্ঘদিন ধৰি অহা বিতৰ্কৰ অৱসান ঘটাই দুয়োখন থানকে একত্ৰিত কৰি জন্মক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ যি ঐতিহাসিক সিদ্ধান্ত সেই সিদ্ধান্তক শলাগ লয় । মহাপুৰুষজনাৰ জন্মসূত্ৰ উন্নয়ন আৰু আজিৰ দিনটোৰ সমন্বয় অসমীয়া জাতিৰ বাবে এক ভাল ইংগিত বুলি উল্লেখ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

লগতে পঢ়ক: JICA water pipe blast: পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.