ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Aug 24, 2021, 3:46 PM IST

protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

অসমীয়া যুৱ মঞ্চই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিকৃতিও দাহ কৰে । অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ ।

লখিমপুৰ,২৪ আগষ্ট : কৰ'ণাৰ (Corona) প্ৰথম আৰু দ্বিতীয় ঢৌৱে ইতিমধ্যে জুৰুলা কৰিছে দেশবাসীক । আৰ্থিক সংকটত পৰিছে বহু লোক । কৰ্মসংস্থাপন, ব্যৱসায়-বাণিজ্য আদি সকলোতে প্ৰভাৱ পৰিছে ।

মহামাৰীৰ সংকটৰ বাবে কৰ্মসংস্থাপন হেৰুৱাইছে বহু লোকে । বহুতৰে ব্যৱসায় বন্ধ হৈ পৰিছে । ৰাইজৰ এনে দুৰ্যোগৰ মাজতো কিন্তু দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি হৈছে । পেট্ৰ'ল ডিজেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে (Price hike) সমস্যাত পেলাইছে সাধাৰণ নাগৰিকক ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

যাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্ততো দেখা গৈছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত এইবাৰ লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰিলে অসমীয়া যুৱ মঞ্চই (Asomiya yuva manch) । ৰাজপথত অসমৰ যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ (Ranjit Kumar Das) পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অতিশীঘ্ৰে হ্ৰাস কৰাৰ দাবী জনাই সংগঠনটোৱে । যদিহে এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব নিদিয়ে ভয়াৱহ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনুপম শইকীয়াই । প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ৰঙিয়াত ৰহস্যজনকভাৱে অন্তৰ্ধান তিনিবাৰকৈ স্থাপন কৰা আধাৰশিলাৰ ফলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.