ETV Bharat / state

টাই আহোমক জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীত আটাছুৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 9:42 PM IST

সোমবাৰে বিয়লি লখিমপুৰৰ পহুমৰাত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ লখিমপুৰ জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে । আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰাৰ ক্ষোভত আটাছুৱে বিয়লি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

ATASU protest demanding ST status
ST status for Tai Ahom community

টাই আহোমক জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীত আটাছুৰ প্ৰতিবাদ

লখিমপুৰ, 27 নৱেম্বৰ: লখিমপুৰত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে জ্বলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা । জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীৰে আটাছুৱে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

টাই আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰাৰ ক্ষোভত সোমবাৰে বিয়লি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো পুত্তলিকা দাহ কৰে । লখিমপুৰৰ পহুমৰাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত আটাছুৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

জনজাতিকৰণৰ দাবীত পুত্তলিকা দাহৰ সমানে সমানে অমিত শ্বাহ গ’ বেক, নৰেন্দ্ৰ মোদী গ’ বেক, বিজেপি গ’ বেক, ন’ এছ টি ন’ ৰেষ্ট, আমাক জনজাতিৰ স্বীকৃতি লাগিবই আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । আটাছুৰ প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰি কয় যে প্ৰতিখন চৰকাৰে আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ’ব বুলি চূড়ান্ত প্ৰতাৰণা কৰি আহিছে ।

শেহতীয়াকৈ বিজেপি দলে লোকসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াই নহয় বৰং তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰতো বিষয়টোক ঠাই দিছিল । কিন্তু দহ বছৰ উকলি যোৱাৰ পাছতো জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে ।

আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনৰ আগতেই এই দাবী চৰকাৰে মানি নল’লে অনাগত দিনত ভয়াৱহ আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

উল্লেখ্য যে কেৱল টাই আহোমেই নহয়, আদিবাসীসকলেও দীৰ্ঘদিন ধৰি জনজাতিৰ স্বীকৃতি দাবী কৰি আহিছে ৷ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰি শীঘ্ৰেই ইয়াক কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিকোপতি এই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই ৷

লগতে পঢ়ক: বিজেপিয়ে ৫ ৰাজ্যৰ এখনতো চৰকাৰ গঠন কৰিব নোৱাৰে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.