ETV Bharat / state

ASTC office scam: বিহপুৰীয়াত চৰকাৰী বিষয়া আৰু ঠিকাদাৰৰ মাজত তয়াময়া ৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 2:53 PM IST

বিহপুৰীয়াত চৰকাৰী বিষয়া আৰু ঠিকাদাৰৰ মাজত তয়াময়া ৰণ
বিহপুৰীয়াত চৰকাৰী বিষয়া আৰু ঠিকাদাৰৰ মাজত তয়াময়া ৰণ

অসম ৰাজ্যিক পৰিবহন নিগমৰ বিহপুৰীয়াস্থিত নৱনিৰ্মিত কাৰ্যালয়ত বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 14 লাখ টকীয়া নৱনিৰ্মিত পৰিবহন বিভাগৰ কাৰ্যালয়টোত বিয়াগোম দুৰ্নীতিৰ অভিযোগ ৷

বিহপুৰীয়াত চৰকাৰী বিষয়া আৰু ঠিকাদাৰৰ মাজত তয়াময়া ৰণ

বিহপুৰীয়া, 17 অক্টোবৰ : লখিমপুৰ জিলাৰ বিহপুৰীয়াত চৰকাৰী বিষয়া আৰু ঠিকাদাৰৰ মাজত তয়াময়া ৰণ ৷ অসম ৰাজ্যিক পৰিবহন নিগমৰ বিহপুৰীয়াস্থিত নৱনিৰ্মিত কাৰ্যালয়ত বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 14 লাখ টকীয়া নৱনিৰ্মিত পৰিবহন বিভাগৰ কাৰ্যালয়টোত বিয়াগোম দুৰ্নীতিৰ অভিযোগ উঠিছে ৷ স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাৰ ঘনিষ্ঠ ঠিকাদাৰ মৃয়াংকু দত্তই ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে বছৰ বছৰ ধৰি পৰিবহন বিভাগৰ এটা পৰিত্যক্ত কাৰ্যালয়তে বিভাগীয় কামকাজ সমূহ চলাই যোৱাৰ পিচত শেহতীয়াকৈ এটি কাৰ্যালয় গৃহৰ অনুমোদন লাভ কৰিছিল ৷ এই খবৰ লাভ কৰিয়েই হাঁহি বিৰিঙিছিল বিহপুৰীয়াবাসীৰ মুখত ৷ চৰকাৰীভাৱে কাৰ্যালয় গৃহৰ অনুমোদন লাভ কৰি গৃহ নিৰ্মাণ শুভাৰম্ভ কৰাৰ লৈকে ঠিকেই আছিল ৷ কিন্তু নিৰ্মাণকাৰ্য সম্পূৰ্ণ হওঁ হওঁ অৱস্থাতে লাগিল কেনা । যদিও নিৰ্মাণ কৰি হোৱাৰ পিচতেই কাৰ্যালয়টোৰ পকী বেৰত সৃষ্টি হয় বৃহৎ বৃহৎ ফাঁটৰ ৷

মঙলবাৰে বিয়লি ঠিকাদাৰগৰাকী কাৰ্যালয় গৃহত উপস্থিত হোৱাত পৰিবহণ বিভাগৰ এগৰাকী বিষয়া এগৰাকীৰ সৈতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় ৷ আনহাতে ৰাইজৰ অজ্ঞাতে নিশা কাৰ্যালয় গৃহৰ ফাঁট মেলা বেৰ ঢাক দিয়াৰো চেষ্টা চলাই ঠিকাদাৰ গৰাকীয়ে । পৰিবহন বিষয়াগৰাকীয়ে সোধাপোছা কৰাত কোনো উত্তৰ দিব নোৱাৰে ঠিকাদাৰগৰাকীয়ে ৷

বিষয়াগৰাকীয়ে কোৱা অনুসৰি তেওঁ নতুনকৈ অঞ্চলটোত অহাৰ বাবে বিশেষ গম নাপায় ৷ পৰৱৰ্তী সময়ত তেওঁ এই সমগ্ৰ ঘটনাৰ অনুসন্ধান কৰিব বুলি সদৰী কৰে ৷ সাংবাদিকৰ প্ৰশ্নত ঠিকাদৰাগৰাকীয়ে সকলো অভিযোগ নস্যাৎ কৰে ৷

লগতে পঢ়ক: Mortar recovered: IED ৰ পিচত এইবাৰ চিকৰাজানত মৰ্টাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.