ETV Bharat / state

Inspiring stories of Women empowerment: কাপোৰৰ মোনা চিলাই স্বাৱলম্বী হৈছে বিহপুৰীয়াৰ এগৰাকী মহিলাই

author img

By

Published : Jul 28, 2022, 1:42 PM IST

Updated : Jul 28, 2022, 1:50 PM IST

লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এগৰাকী দৰিদ্ৰ মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন (Bihpuria woman showing beautiful example of self-reliance) ৷ বিহপুৰীয়াৰ গোসাঁই পথাৰৰ এগৰাকী মহিলাই নিজে সাজি উলিয়াইছে মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী কঢ়িয়াই ফুৰা মোনা ৷

Assam woman attains self sufficiency By sewing cloth bags at Bihpuria in Lakhimpur
কাপোৰৰ মোনা চিলাইৰে স্বাৱলম্বী হৈছে বিহপুৰীয়াৰ এগৰাকী মহিলাই

বিহপুৰীয়া, 27 জুলাই: যি সময়ত অসমত নিবনুৱা সমস্যাৰ কৱলত পৰি হাজাৰ হাজাৰ নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিব লগীয়া হৈছে, ঠিক সেই সময়তে ৰাজ্যৰ এচাম লোকে পৰিশ্ৰমৰ ফলত স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৷ সম্প্ৰতি পুৰুষৰ লগে লগে নাৰীয়ে এই সমাজত খোপনি পুতিবলৈ চৰকাৰৰ লগতে ভিন্ন সময়ত চৰকাৰী অনুষ্ঠান প্ৰতিস্থানকে ধৰি বিভিন্ন বেচৰকাৰী সংস্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

চৰকাৰেও গ্ৰাম্যাঞ্চলৰ তথা পিছপৰা মহিলাখিনিক আৰ্থিকভাৱে টনকিয়াল কৰিবলৈ আত্মসহায়ক গোটৰ ব্যৱস্থা কৰি দিছে ৷ যেনে, সমাজৰ বিকাশত নাৰী কোনো গুণে কম নহয় তাকে দেখুৱাবলৈ অৰ্থনৈতিকভাৱে দুৰ্বল মহিলাসকলক সামান্য সকাহ প্ৰদানৰ অৰ্থে স্ব-নিৰ্ভৰ নাৰী -আত্মনিৰ্ভৰ অসম আঁচনি ৰূপায়ণ, গ্ৰামাঞ্চলৰ প্ৰতিটো মহিলা আত্মসহায়ক গোটক অনুদান দিবলৈ বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা ইত্যাদি ৷

Inspiring stories of Women empowerment: কাপোৰৰ মোনা চিলাই স্বাৱলম্বী হৈছে বিহপুৰীয়াৰ এগৰাকী মহিলাই

ইয়াৰ মাজতে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এগৰাকী দৰিদ্ৰ মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন (Bihpuria woman showing beautiful example of self-reliance) ৷ যি সময়ত চৰকাৰে বজাৰত প্লাষ্টিকৰ পলিথিন নিষিদ্ধ কৰিছে তেনে সময়তে বিহপুৰীয়াৰ গোসাঁই পথাৰৰ এগৰাকী মহিলাই নিজে সাজি উলিয়াইছে মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী কঢ়িয়াই ফুৰা মোনা ৷ এগৰাকী আদৰ্শ মহিলা হিচাপে অঞ্চলটোত সমাদৰ লাভ কৰাৰ লগতে মোনা চিলাই কৰি পোৱা টকাৰে নিজৰ পৰিয়ালটোক পোহপাল দিছে ববিতা বৰদলৈ নামৰ মহিলাগৰাকীয়ে (Assam woman attains self sufficiency By sewing cloth bags) ৷

সম্প্ৰতি প্লাষ্টিকৰ বেগ নিষিদ্ধ হোৱাত কাপোৰ বা কাগজৰ বেগে বিশেষ চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ববিতাই মোনা প্ৰস্তুত কৰি বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ, স্থানীয় বিভিন্ন সাপ্তাহিক বজাৰ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচললৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Moina Nayak Incident: ডিব্ৰুগড়ৰ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক নিলম্বন

Last Updated : Jul 28, 2022, 1:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.