ETV Bharat / state

এইবেলি ধান দাৱলৈয়ে নাপাব নেকি কৃষকে !

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 2:25 PM IST

army worm damage paddy fields in lakhimpur
শূঁৰ পোকৰ আক্ৰমণ

ৰাজ্যৰ শস্যক্ষেত্ৰত এতিয়া শূঁৰ পোকৰ আক্ৰমণ । যাৰ বাবে মৰহিছে কৃষকৰ সপোন । ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে লখিমপুৰতো শূঁৰ পোকে তহিলং কৰিছে সোণোৱালী ধাননি ।

শূঁৰ পোকৰ আক্ৰমণ

লখিমপুৰ, ১৮ নৱেম্বৰ : ভঁৰাল ভৰ্তি হ’বনে এই বছৰ কৃষকৰ ? বন্যহস্তীৰ আক্ৰমণে টোপনি কাঢ়ি নিয়া কৃষকৰ চকুত এতিয়া চকুলো বোৱাইছে শূঁৰ পোকে ৷ ৰাজ্যৰ শস্যক্ষেত্ৰত শূঁৰ পোকৰ আক্ৰমণে ভয়াৱহ ৰূপ লৈছে ৷ অন্য স্থানৰ দৰে লখিমপুৰতো চলিছে শূঁৰ পোকৰ ত্ৰাস ৷

লখিমপুৰৰ ধাননি পথাৰ এফালৰ পৰা তহিলং কৰিছে শূঁৰ পোকে । ক্ষতিগ্ৰস্ত কৃষকক এককালীন সাহায্যৰ দাবী তুলিছে নিবনুৱা সন্থাৰ সম্পাদকে ৷ এক সোণোৱালী সপোন লৈ কৃষক ৰাইজে বাৰিষা ৰ’দ বৰষুণ কাটি কৰি হাড়ভঙা শ্ৰমেৰে শস্যক্ষেত্ৰ সেউজ কৰে । আঘোণত সোণোৱালী হৈ পৰা পথাৰখন দেখি কৃষকে পাহৰি যায় পথাৰ উৰ্বৰা কৰা সময়ৰ দুখ যন্ত্ৰণাৰ কথা । লখিমীৰূপী সোণোৱালী শইচৰ সুগন্ধত উন্মনা হয় কৃষক ৰাইজ । মুঠি মুঠি কৰি লখিমীক আদৰি আনে ঘৰলৈ ।

পিছে এইবাৰ কৃষকৰ সপোনত ব্যাঘাত জন্মাইছে এইবিধ বিশেষ পোকে । সোণোৱালী হৈ পৰা পথাৰৰ পৰা লখিমীক আদৰিবলৈ নৌপাওঁতেই চলিছে শূঁৰ পোকৰ আক্ৰমণ । ৰাজ্যৰ বিভিন্ন জিলাত শূঁৰ পোকৰ বাবে মূৰ ঘমাবলগীয়া হৈছে কৃষকে ৷ লখিমপুৰ জিলাতো শূঁৰ পোকে তহিলং কৰিছে সোণোৱালী শইচ । দিনত ধানৰ গুৰিত সোমাই থাকি নিশা হ’লেই জাকে জাকে শূঁৰ পোক ওলাই আহি ধানৰ থোক কুটি নষ্ট কৰি পেলাইছে । নিশাটোৰ ভিতৰতে এখনৰ পৰা আন এখন পথাৰলৈ বিয়পিছে শূঁৰ পোকৰ ত্ৰাস । শূঁৰ পোকৰ আক্ৰমণত সোণোৱালী শইচ বিনষ্ট হৈ পৰাত এতিয়া চৰম হতাশাত পৰিছে ৷

কঠোৰ শ্ৰম কৰি পথাৰ সোণোৱালী কৰাৰ পিচত এতিয়া এনেদৰে পোকৰ আক্ৰমণ চলাত উৱাদিহ হেৰুৱাই পেলাইছে কৃষক ৰাইজে । অনাগত সময়ত বহু কৃষক পৰিয়ালে ভিক্ষা মাগিবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ আশংকা কৰি কৃষক ৰাইজ হতাশাত ভূগিছে । এনে এক অবাঞ্চিত দুৰ্যোগৰ কবলত পৰা কৃষকসকল উপায়ন্তৰ হৈ পৰিছে । তেওঁলোকৰ সপোন মৰহি যোৱাৰ সময়ত সদৌ অসম নিবনুৱা সন্থাই তেওঁলোকৰ হৈ মাত মাতিছে । নিবনুৱা সন্থাই ক্ষতিগ্ৰস্ত কৃষকসকলক এককালীন সাহায্য দিয়াৰ দাবী জনাইছে । ইতিমধ্যে সন্থাই এই দাবীৰে লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Terror of Army worm in Rani:পশ্চিম গুৱাহাটীত শূঁৰ পোকে খহাইছে পকা ধান,হুমুনিয়াহ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.