ETV Bharat / state

Protest in Lakhimpur:কৰ কাটলৰ বিৰুদ্ধে লখিমপুৰত যুৱ পৰিষদৰ ক্ষোভ

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 7:46 PM IST

Updated : Sep 1, 2023, 8:50 PM IST

সততে মোগলৰ কথা কোৱা চৰকাৰখনে এতিয়া মোগলৰ দৰে ৰাইজৰ ওপৰত কৰ কাটলৰ বোজা জাপি দিয়া বুলি ক্ষোভ প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে । শুকুৰবাৰে পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে বিভিন্ন দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ।

AJYP protest against tax hike
অসম জাতীয়তাবাদী যুৱ পৰিষদ

অসম জাতীয়তাবাদী যুৱ পৰিষদ

লখিমপুৰ, ১ ছেপ্টেম্বৰ: মোগলৰ কথা কৈ থকা চৰকাৰখনে মোগলৰ দৰেই কৰ কাটল আৰোপ কৰি ৰাইজক টেঁটুচেপা দিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে । বিভিন্ন দাবীৰ সমৰ্থনত পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে শুকুৰবাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

চৰকাৰৰ বিৰুদ্ধে শুকুৰবাৰে লখিমপুৰত ক্ষোভ প্রকাশ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদেৰ নেতাসকলে কয় যে ৰাইজক কৰৰ বোজা জাপি দি জীয়াতু ভোগ কৰিবলৈ বাধ্য কৰোৱা চৰকাৰ খনে অ'ত ত'ত কেবিনেট পাতি বিলাসিতা কৰিছে । পাঁচ হেজাৰ টকা ঘোচ খোৱা চৰকাৰী কৰ্মচাৰীয়ে হাত দাঙিবলগীয়া হোৱাৰ বিপৰীতে চাকৰিৰ নিযুক্তিৰ নামত লাখ লাখ টকা কেলংকাৰি কৰা সকলৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্রহণ কৰা নাই । এই ক্ষেত্ৰত মুখ্যমন্ত্রী নীৰৱ হৈ আছে । এই কেলেংকাৰি তল পেলাবলৈ বিভিন্ন ইছ্যু সৃষ্টি কৰা হৈছে ।

পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে গ্রহণ কৰা অৱস্থান ধৰ্মঘটস্থলীৰ পৰা এনেদৰে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে পৰিষদৰ নেতৃত্বই । লখিমপুৰ নগৰৰ খেলমাটিত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অতিৰিক্ত কৰ কাটল বন্ধ কৰা, মূল্যবৃদ্ধি ৰোধ , নামনি সোৱণশিৰি প্ৰকল্প বন্ধ, বিদ্যুৎ যোগান নিয়মীয়া কৰি বৰ্ধিত মাচুল হ্ৰাস কৰা, চৰকাৰী চাকৰিৰ নিযুক্তি কেলেংকাৰিৰ ন্যায়িক তদন্ত কৰা আদিৰ দাবীত পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্রহণ কৰে ।

এই কাৰ্যসূচীত অংশগ্রহণ কৰি পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি মোবিন আহমেদে চৰকাৰক সমালোচনা কৰি কয় যে চৰকাৰে মোগলৰ চৰিত্ৰ এৰি কৰ কাটলৰ বোজাৰ পৰা ৰাইজক ৰেহাই দিয়ক । নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰক । মোগলৰ কথা কৈ নিতৌ নতুন নতুন ধৰণে মোগলৰ দৰেই চৰকাৰখনে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিছে । চৰকাৰখনে ৰাইজৰ কথা ভাবিবলৈও তেঁও আহ্বান জনায় ।

ইপিনে,পৰিষদৰ লখিমপুৰ আঞ্চলিকৰ সভাপতি মনোজ কলিতায়ো কেন্দ্র তথা ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে প্ৰধানমন্ত্ৰীৰ মন কী বাত ৰাইজে শুনিছে । কিন্তু ৰাইজৰ দুৰ্দশাৰ কথা কোনে শুনিব । চৰকাৰৰ নীতিৰ বাবে হাৰাশাস্তি ভোগ কৰিবলগীয়া হোৱা ৰাইজৰ কথা কোনে শুনিব । প্ৰতিবাদকাৰী সকলে বিজেপি লেই লেই ছেই ছেই, বিজেপিৰ কাম নাই,কৰ কাটল বন্ধ কৰক, চমক সৃষ্টি বন্ধ কৰক আদি শ্লোগানেৰে অৱস্থান ধৰ্মঘটস্থলী উত্তাল কৰি তোলে । পিচত লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে এনে দাবী সমুহ পূৰণৰ বাবে তেওঁলোকে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Protest for including in Barpeta District: বজালী নহয়, বৰপেটাতে থাকিব বিচাৰে হাউলীবাসী

Last Updated :Sep 1, 2023, 8:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.