ETV Bharat / state

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে AJYPৰ ৰণডংকা

author img

By

Published : Nov 28, 2019, 5:28 PM IST

Updated : Nov 28, 2019, 7:20 PM IST

NHPC ৰ বিৰুদ্ধে ৰণ ধ্বনি
NHPC ৰ বিৰুদ্ধে AJYCP ৰ ৰণ ধ্বনি

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত বৃহস্পতিবাৰৰ পৰা ৫ দিনীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে ৷

লখিমপুৰ, 28 নৱেম্বৰ: "সৰ্বানন্দ সোণোৱালক আমি পিতৃ জ্ঞান কৰিছিলো কিন্তু আমাৰ কথা চিন্তা কৰিবলৈ আহৰি নাই মুখ্যমন্ত্ৰীৰ,সেয়ে আজি তেওঁৰ মৃত্যু হোৱা বুলি ধৰি লৈ আমি মুণ্ডন কৰিলো ৷ "

NHPC ৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

এক ব্যতিক্ৰমী পন্থা হাতত লৈ শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত বৃহস্পতিবাৰৰ পৰা ৫ দিনীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে ৷

লখিমপুৰ
নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প

লগতে পঢ়ক: এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা

লখিমপুৰৰ ৰাজপথত বৃহস্পতিবাৰে দিনৰ ভাগত ডবা,শংখ বজাই সংগঠনটোৰ চাৰি সদস্যই মুণ্ডন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল সংগঠনৰ জেষ্ঠ সদস্য সকলেও অংশগ্ৰহণ কৰে ৷ ভাৰত চৰকাৰে শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰক অন্যথা পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।

Intro:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰ ত ৫ দিনিয়া প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিলে অসম জাতীয়তাবাদী যুৱ পৰিসদে।


Body:নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প ৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবী ত আজি সংগঠণটোৱে আৰম্ভ কৰিলে কাৰ্যসূচী। প্ৰথম কাৰ্যসূচী ত ডবা সঙ্খ, কাহ বজাই প্ৰতিবাদ আৰম্ভ কৰিলে লখিমপুৰ ৰ ৰাজপথত। বিভিন্ন দল সংগঠণ জেষ্ঠ নাগৰি কে অংশ ললে প্ৰতিবাদী কাৰ্যসূচী ত।


Conclusion:সকলোৱে একেমখে ডবা শংখ কাহ বজাই হুংকাৰ দিলে ভাৰত চৰকাৰে বন্ধ কৰক নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প ৰ কাম।
Last Updated :Nov 28, 2019, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.