AJYCP ৰ উদ্যোগত NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ

author img

By

Published : Sep 21, 2021, 10:14 PM IST

AJYCP ৰ উদ্যোগত NHPCৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ

অসম জাতীয় পৰিষদৰ এই কাৰ্যসূচীত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, চুতীয়া ছাত্ৰ সন্থা আদি ভালে সংখ্যক সংগঠনে সহযোগ কৰে । নামনিবাসী ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত কোনো পধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

লখিমপুৰ, 21 ছেপ্তেম্বৰ : মঙলবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । মঙলবাৰে ৰূপায়ন কৰা এই কাৰ্যসূচীত লখিমপুৰ-ধেমাজি জিলাৰ মধ্যস্থল গোগামুখৰ গেৰুকামুখ পথত NHPC বিৰুদ্ধে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ সদস্য সকলে ৷

AJYCP ৰ উদ্যোগত NHPCৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ

অসম জাতীয় পৰিষদৰ এই কাৰ্যসূচীত মানৱ অধিকাৰ সংগ্ৰাম সমিতি, চুতীয়া ছাত্ৰ সন্থা আদি ভালেসংখ্যক সংগঠনে সহযোগ কৰে । নামনিবাসী ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত কোনো পধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদ কাৰী সকলে ।

নদীবান্ধ আন্দোলনৰ নামত এচাম দালাল সৃষ্টিৰ লগতে একাংশই ইয়াৰ সুযোগতে দিছপুৰত গাদী দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰ-ৰাজ্য চৰকাৰকো সকিয়নী দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই উল্লেখ কৰে যে, সুযোগ সন্ধানী চৰিত্ৰৰে ৰাইজক কেন্দ্ৰীয় তথা ৰাজ্যিক নেতাই বঞ্চনা কৰি আহিছে ৷

উল্লেখযোগ্য যে, সৰ্বাত্মক অৱৰোধ কাৰ্যসূচীত উপস্থিত থাকি AJYCP ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সম্পাদক পলাশ চাংমাই নদী বান্ধ আন্দোলনক পৰিষদৰ নেতৃত্ব প্ৰথম শাৰীত থাকি ছহিদ হ’ব বুলি ঘোষণা কৰি ৰাইজক শেষ যুদ্ধৰ বাবে ওলাই অহাৰ আহ্বান জনাই ৷ একেদৰে নদী বান্ধ সন্দৰ্ভত অসমৰ দল সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰে ত্ৰিপাক্ষীক বৈঠকৰ আহ্বান জনায় ৰাণাপ্ৰতাপ বৰুৱাই ।

লগতে পঢ়কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শোণিতপুৰ জিলাতো ১২ টা মাটিৰ দালাল আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.