ETV Bharat / state

Vulture death at Dhakuakhana: পুনৰ বিষক্ৰিয়া হৈ ঢকুৱাখনাত 6 টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু

author img

By

Published : Feb 25, 2023, 11:26 AM IST

পুনৰ ঢকুৱাখনাত 6 টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু ৷ বিষ দি নিধন কৰা কুকুৰৰ মাংস ভক্ষণৰ পাচতেই শগুন কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে (Vulture death at Dhakuakhana) ৷ কিছুদিন পূৰ্বে মাজুলীতো বিষক্ৰিয়া হৈ মৃত্যু হৈছিল 16 টা শগুনৰ ৷

Vulture death at Dhakuakhana
পুনৰ বিষক্ৰিয়া হৈ ঢকুৱাখনাত 6 টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু

পুনৰ বিষক্ৰিয়া হৈ ঢকুৱাখনাত 6 টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু

ঢকুৱাখনা, 25 ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ দুষ্প্ৰাপ্য শগুনৰ মৃত্যু ৷ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বাগিচা গাঁৱৰ পাগলী পথাৰত উদ্ধাৰ 6 টা মৃত শগুন ৷ অসুস্থ দুটা শগুন উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ ৷ শুকুৰবাৰে ঢকুৱখনাত সংঘটিত হয় এই ঘটনা (Vulture death at Dhakuakhana) ৷

এসময়ত অসমৰ আকাশত জাকে জাকে প্ৰত্যক্ষ কৰা শগুন সম্প্ৰতি বিলুপ্তিৰ পথলৈ গতি কৰিছে ৷ কাৰণ বিভিন্ন সময়ত, বিভিন্ন কাৰণত মৃত্যু হৈছে শগুনৰ ৷ ফলত ভাবুকি আহি পৰিছে শগুনৰ অস্তিত্বৰ প্ৰতি ৷ অন্যান্য কাৰণত শগুনৰ মৃত্যু হোৱাৰ উপৰিও খাদ্যত বিষক্ৰিয়া হৈ ৰাজ্যত মৃত্যু হৈছে বহু শগুনৰ (Endangered vulture died in Assam) ৷

ঢকুৱখনাতো বিষ দি হত্যা কৰা কুকুৰৰ মাংস ভক্ষণৰ ফলতেই হিমালিয়ান গিফন প্ৰজাতিৰ দুষ্প্ৰাপ্য শগুন 6 টাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷ এজন লোকে পথাৰৰ মাজত প্ৰত্যক্ষ কৰে মৃত শগুনকেইটা ৷ শগুনকেইটাৰ কাষতে এটা মৃত কুকুৰ পৰি থকাৰ কথাও উল্লেখ কৰে লোকজনে ৷ সেয়েহে, বিষ দি নিধন কৰা অথবা মৃত্যুৰ পাছত কুকুৰটোৰ দেহত বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত সেই মাংস ভক্ষণ কৰি শগুনকেইটাৰ মৃত্যু হোৱা বুলি ঠাৱৰ কৰা হৈছে (Vulture died by suspected poisoning) ৷

মৃত শগুনকেইটা প্ৰত্যক্ষ কৰি লোকজনে বন বিভাগৰ লগতে খবৰ দিয়ে মেগামিক্স নামৰ প্ৰকৃতি প্ৰেমী সংঘটোৰ কৰ্মকৰ্তাক ৷ বন বিভাগৰ সহযোগত পথাৰখনত অনুসন্ধান কৰি উদ্ধাৰ কৰা হয় 6 টা মৃত শগুন আৰু অচেতন অৱস্থাত পৰি থকা দুটা শগুন উদ্ধাৰ কৰি প্ৰেৰণ কৰা হয় চিকিৎসাৰ বাবে ৷ সম্প্ৰতি দুয়োটা শগুন বিপদমুক্ত বুলি জানিব পৰা গৈছে (Vulture holocaust in Assam) ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে মাজুলীৰ জেংৰাইমুখতো মৃত্যু হৈছিল 16 টাকৈ শগুনৰ ৷ এটা মৃত গৰুৰ মাংস ভক্ষণ কৰাৰ পাচতেই মৃত্যু হৈছিল শগুন কেইটাৰ ৷ আনহাতে, সেই স্থানৰ পৰা 8 টা শগুনক উদ্ধাৰ কৰি সুস্থ কৰি তোলা হয় ৷

ইফালে, জানুৱাৰী মাহতো শিৱসাগৰত বিষক্ৰিয়া হৈ একেলগে মৃত্যু হৈছিল 25 টাকৈ শগুনৰ ৷ এনেদৰে ৰাজ্যত শগুনৰ মৃত্যুৱে কঢ়িয়াই আনিছে শগুনৰ অস্তিত্বৰ প্ৰতি ভাবুকি ৷ সমগ্ৰ ভাৰতবৰ্ষত 9 টা বিভিন্ন প্ৰজাতিৰ শগুন উপলব্ধ হোৱাৰ লগতে অসমত তাৰে 6 টা প্ৰজাতিৰ শগুন পোৱা যায় (Vulture in India) ৷

কিন্তু বিষাক্ত দ্ৰব্য ঢালি দিয়া মৃত জন্তু ভক্ষণ কৰি মৃত্যু হয় বহু শগুনৰ ৷ আনহাতে কুকুৰে কামোৰাৰ ফলত মৃত্যু হোৱা জন্তুও বিহ দি কুকুৰ নিধনৰ বাবে মুকলি ঠাইত পেলাই দিয়া দেখা যায় ৷ যদিহে সেই জন্তুৰ মাংস শগুনে ভক্ষণ কৰে তাৰ ফলতো দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হয় ৷

লগতে পঢ়ক: Vulture death in Majuli: সত্ৰ নগৰী মাজুলীত শগুণৰ অস্বাভাৱিক মৃত্য়ুত চিন্তিত প্ৰকৃতিপ্ৰেমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.