ETV Bharat / state

Road accident in Kokrajhar: কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে এজনে

author img

By

Published : Jan 11, 2023, 7:14 AM IST

Youth killed in bike accdient in Kokrajhar
বালাগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা

কোকৰাঝাৰৰ বালাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Kokrajhar)৷ দুৰ্ঘটনাটোত থিতাতে এজন নিহত হোৱাৰ বিপৰীতে আহত হৈছে আন এজন ৷

কোকৰাঝাৰ, ১১ জানুৱাৰী: কোকৰাঝাৰৰ নিকটৱৰ্তী বালাগাঁৱৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ চিআইটিৰ সন্মুখত মঙলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident in Kokrajhar)৷ দুৰ্ঘটনাত পতিত হৈছে এখন মটক চাইকেল ৷ দুৰ্ঘটনাটোত মটৰ চাইকেলত থকা দুগৰাকী আৰোহীৰ ভিতৰৰে এজন থিতাতে নিহত হোৱাৰ লগত আনজন আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

নিহত যুৱকজন ভাৰত-ভূটান সীমান্তৰ উল্টাপানীৰ জয়দেৱ নাৰ্জাৰী (২৪) বুলি চিনাক্ত কৰা হৈছে (Youth killed in a accident in Kokrajhar)। আনহাতে আহতজন দেৱৰগাঁও টিলাপাৰাৰ খঞ্চাইগৌৰা নাৰ্জাৰী (২৬) বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে, খঞ্চাইগৌৰা নাৰ্জাৰী আৰু তেওঁৰ বন্ধু জয়দেৱ নাৰ্জাৰীয়ে AS16D-৫০৮৩ নম্বৰৰ এখন মটৰ চাইকেলেৰে মঙলবাৰে বিয়লি নিজ ঘৰ অভিমুখে গৈ আছিল ৷ গৈ থকাৰ অৱস্থাতেই চিআইটিৰ সন্মুখত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় মটৰ চাইকেলখন (Bike Accident at Balagaon) ৷

Youth killed in bike accdient in Kokrajhar
বালাগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা

লগতে পঢ়ক: West Bengal Bus Accident : পথৰ মাজত বাগৰিল যাত্ৰীবাহী বাছ; কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

দুৰ্ঘটনাৰ ফলত জয়দেৱ নাৰ্জাৰীৰ নামৰ আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে খঞ্চাইগৌৰা নাৰ্জাৰী নামৰ আনজন আৰোহী আঘাতপ্ৰাপ্ত হৈ গুৰুতৰভাৱে আহত হয় (Boy injured in road accident at Balagaon) ৷ ইফালে মটৰচাইকেলখনো সামান্য পৰিমাণে ক্ষতিসাধন হয় । জানিব পৰা মতে দুয়োজনেই মূলতঃ মূৰত আঘাত পাইছিল যদিও সৌভাগ্যক্ৰমে দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে খঞ্চাইগৌৰা নাৰ্জাৰীৰ ৷ অৱশেষত দুৰ্ভাগ্যজনকভাৱে দুৰ্ঘটনাত নিয়তিৰ ওচৰত হাৰ মানে জয়দেৱ নাৰ্জাৰীয়ে ।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত আৰু নিহত দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । উল্লেখযোগ্য যে, চিআইটিৰ সন্মুখত প্ৰায়ে এনে সৰু বৰ বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈ অহাৰ কথা উল্লেখ কৰিলে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে, চিআইটিৰ সন্মুখস্থিত স্পীড ব্ৰেকাৰৰ বাবেই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কতৃৰ্পক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক: Ambulance crashed in Barpeta: ৰোগী আনি থকাৰ অৱস্থাতে এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত, আহত তিনিগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.