ETV Bharat / state

কোকৰাঝাৰত ইউপিপিএল দলত যোগদান গণ সুৰক্ষা পাৰ্টীৰ নেতাৰ

author img

By

Published : Jan 7, 2021, 7:52 PM IST

কোকৰাঝাৰত গণ সুৰক্ষা পাৰ্টীৰ ১১ গৰাকী নেতাই যোগদান কৰিলে ইউপিপিএল দলত । আগন্তুক বিধানসভা নিৰ্বাচনত দলে ভাল ফলাফল লাভ কৰাতো নিশ্চিত বুলি দাবী কৰে প্ৰমোদ বড়োৱে ৷

কোকৰাঝাৰত ইউপিপিএল দলত যোগদান গণ সুৰক্ষা পাৰ্টীৰ নেতাৰ
কোকৰাঝাৰত ইউপিপিএল দলত যোগদান গণ সুৰক্ষা পাৰ্টীৰ নেতাৰ

কোকৰাঝাৰ, ৭ জানুৱাৰী: ইউপিপিএল দলৰ সদস্যপদ গ্ৰহণ কৰিলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ ১১ গৰাকী নেতাই । বুধবাৰে কোকৰাঝাৰ স্থিত ইউপিপিএলৰ কাৰ্যালয়ত আয়োজিত এক সভাত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত গণ সুৰক্ষা পাৰ্টীৰ নেতাকেইগৰাকীয়ে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷

ইউপিপিএল দলৰ নীতি-আদৰ্শৰে অনুপ্ৰাণিত হৈ দলত যোগদান কৰে জিএছপিৰ ধ্বজেন্দ্ৰ ৰাভা,পংকজ দাস,ৰণেন্দ্ৰ কোচ,থানেশ্বৰ ৰাভা,সঞ্জয় শৰণীয়া,হাফিজুৰ ৰহমান,মফিদুল আহমেদ,অৰুণ বড়ো,ডানিয়েল মাৰ্ডি আৰু ৰবীন মুৰ্মুই । উল্লেখ্য যে,বুধবাৰে ইউপিপিএলত যোগদান কৰা ১১ গৰাকী নেতাই শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিটিচি পৰিষদীয় নিৰ্বাচনত জিএছপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল যদিও আটাইকেইগৰাকী পৰাজিত হয় ৷

আনহাতে,যোগদান পৰ্বৰ অন্তত বিটিচি প্ৰধান প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ আগত কয় যে,আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ইউপিপিএল দল সাজু । বিধানসভা নিৰ্বাচনত ইউপিপিএল দলে ভাল ফলাফল লাভ কৰিব বুলিও দাবী কৰে প্ৰমোদ বড়োৱে । প্ৰতিটো জাতি-জনগোষ্ঠীক সম-মৰ্যদা, সম‌-অধিকাৰ, ভূমিৰ অধিকাৰ,ভাষাৰ অধিকাৰ,সাংস্কৃতিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যেৰে কাম কৰিব যাব বুলি মন্তব্য কৰে । অনাগত দিনত বড়োভূমিত সাম্প্ৰদায়িক বিবাদ ত্যাগ কৰি এখন সুন্দৰ সমাজ গঢ়াৰ বাবে ৰাইজক আহ্বান জনায় প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক:ডিফুত 'ৰাইচ নলেজ বেংক' শীর্ষক কর্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.