ETV Bharat / state

UPPL Bike Rally : কোকৰাঝাৰত শান্তিৰ বতৰাৰে ইউপিপিএলৰ বাইক ৰেলী

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:29 PM IST

কোকৰাঝাৰত শান্তিৰ বতৰাৰে ইউপিপিএলৰ বাইক ৰেলী
UPPL Bike Rally

কোকৰাঝাৰত বিৰাজ কৰা শান্তিৰ পৰিৱেশৰ বাবে ইউপিপিএলে এক বিশাল মটৰচাইকেল ৰেলী উলিয়ায় ৷ প্ৰমোদ বড়ো, উৰ্খাও গৌৰা ব্ৰহ্মসহ ইউপিপিএলৰ একাংশ শীৰ্ষ নেতাই এই ৰেলীত অংশগ্ৰহণ কৰে ৷ হাগ্ৰামা মহিলাৰী নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বুলি উৰ্খাও গৌৰাৰ মন্তব্য ৷ আনহাতে, নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ আশীৰ্বাদত বড়োলেণ্ডত এতিয়া শান্তি বিৰাজ কৰিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷

শান্তিৰ বতৰা বিলাই বিটিআৰত বাইক ৰেলী

কোকৰাঝাৰ, ১০ নৱেম্বৰ : বিটিআৰত অব্যাহত থকা শান্তিৰ বতৰা লৈ তথা শান্তিপূৰ্ণ পৰিস্থিতি উদযাপনৰ বাবে শুকুৰবাৰে ইউপিপিএলৰ উদ্যোগত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডৰ পৰা চিৰাঙলৈ এক বিশাল মটৰচাইকেল ৰেলী উলিওৱা হয় । শান্তি উদযাপনৰ বাবে উলিওৱা এই বিশাল মটৰচাইকেল ৰেলী আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

এই মটৰচাইকেল ৰেলীত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ইউপিপিএলৰ বিধায়ক ক্ৰমে লৰেঞ্চ ইছলাৰী, জিৰণ বসুমতাৰী, বিটিচিৰ মনোনীত সদস্য মাধৱ ছেত্ৰী, ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীকে ধৰি ইউপিপিএল দলৰ বহুসংখ্যক নেতা-কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে । কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডৰ পৰা চিৰাঙলৈ উলিওৱা এই বিশাল মটৰচাইকেল ৰেলী নতুন ৰে'লৱে ফ্লাইঅ'ভাৰ, হাতীমাথা, বালাজান তিনালী, কাৰিগাঁও হৈ চিৰাং জিলাৰ কাজলগাঁৱৰ প্ৰেমসিং ব্ৰহ্ম ষ্টেডিয়ামত উপনীত হয় । তাত এক সভা অনুষ্ঠিত কৰে ।

ইপিনে মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰি কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিপিএফ দলক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয় যে হাগ্ৰামা মহিলাৰীক প্ৰাধান্য দিয়া বুলি অপপ্ৰচাৰ চলোৱা হৈছে । ইউপিপিএলক দুৰ্বল কৰিবলৈকে এই অপপ্ৰচাৰ চলোৱা হৈছে । সকলোৱে জানে হাগ্ৰামা মহিলাৰী জয়ী হ'ব নোৱাৰে । তৎসত্ত্বেও অপপ্ৰচাৰ চলোৱা হৈছে । কাৰণ ইয়াৰ দ্বাৰা তৃতীয় পক্ষ লাভান্বিত হ'ব ।

এই ষড়যন্ত্ৰ প্ৰতিহিত কৰা হ'ব । আচলতে কংগ্ৰেছ, এআইইউডিএফকে ধৰি আন দহটা দলৰ স'তে মিত্ৰতা কৰিলেও বিপিএফৰ কোনো লাভ নহব । কিয়নো কংগ্ৰেছ, এআইইউডিএফৰ বৰ্তমান কোনো স্থিতি নাই । আনহাতে, সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে বিপিএফ এনডিএত চামিল হোৱা নাই । বিজেপিয়ে নিঃচৰ্ত সমৰ্থনৰ বাবে বিপিএফক আহ্বান জনাব পাৰে । কিয়নো ৰাজ্যসভা নিৰ্বাচনত বিপিএফে এনডিএৰ প্ৰাৰ্থীক ভোটদান কৰিছিল ।

ইপিনে ৰেলীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আশীৰ্বাদত বড়োলেণ্ডত এতিয়া শান্তি বিৰাজ কৰিছে । শান্তি এতিয়া উদযাপন কৰিব লাগে । শান্তি উদযাপনৰ বাবেই এই ৰেলী । শান্তিৰ বাৰ্তা চাৰিওপিনে বিয়পাই দিব লাগে । বড়োলেণ্ডৰ মানুহে এতিয়া জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ কথা নাপাতে, উন্নয়নৰ কথাহে ভাবে । উল্লেখ্য যে ইউপিপিএলৰ সহস্ৰাধিক কৰ্মী-সমৰ্থকে মটৰচাইকেল লৈ এই ৰেলীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Assam Sanskritik Mahasangram : শোণিতপুৰত আৰম্ভ সাংস্কৃতিক মহাসংগ্ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.