ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Oct 18, 2022, 5:01 PM IST

top-10-at-5pm
5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ

Jihadi Arrested in Bajali : বজালীত বৰপেটা আৰক্ষীৰ জালত আন এক জেহাদী

বজালীৰ কৰাগাড়ী গাঁৱৰ পৰা এটা জেহাদীক গ্ৰেপ্তাৰ ৷ ধৃত জেহাদীটোৰ নাম মুস্তাফিজুৰ ৰহমান (Jihadi Arrested in Bajali)৷

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ শতাংশ আসন দখলৰ লক্ষ্য বিজেপিৰ

২০২৪ৰ লোকসভা নির্বাচনক লৈ ব্যাপক তৎপৰতা শাসকীয় দলৰ (BJP strategy for upcoming Lok Sabha election)। ৬ কেন্দ্ৰীয় মন্ত্রীক উত্তৰ পূবৰ ৮ ৰাজ্যৰ দায়িত্ব । উত্তৰ-পূবৰ ২৫ টা সমষ্টিৰ ২৩ টা জয়ৰ লক্ষ্যৰে বিশেষ ৰণকৌশল বিজেপিৰ । কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুক অসমৰ সমষ্টিৰ দায়িত্ব । অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খনত জয়ৰ টার্গেট ।

BCCI New Committee: বিচিচিআইৰ নতুন সমিতি, যুটীয়া সম্পাদক পদত দেৱজিৎ শইকীয়া

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰ'জাৰ বিন্নী (Roger Binny) । অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক সুখবৰ । অসম ক্ৰিকেট সন্থাৰ (Secretary of Assam Cricket Association) সম্পাদক দেৱজিৎ শইকীয়া বিচিচিআইৰ (Debajit Saikia elected as Joint Secretary of BCCI) যুটীয়া সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

Fire broke out in Majuli: মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড

মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড (Fire broke out in Majuli) ৷ মাজুলীৰ চিতাদাৰ চুকত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ পল চিৰাঙ নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটি হয় এই অগ্নিকাণ্ড ৷

Certificate forgery in police Recruitment: গ্ৰেপ্তাৰ হোৱা যুৱকৰ মন্তব্য, আমি ভুল কৰা নাই

কম্পিউটাৰযোগে ভুৱা নথি দাখিল কৰাৰ অভিযোগত সোমবাৰে দিনযোৰা জেৰাৰ পিছত নিশা ৮ জনকৈ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল(8 candidates arrested) ।কম্পিউটাৰ চাৰ্টিফিকেট জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৮ গৰাকী প্ৰাৰ্থীক মঙলবাৰে আদালতত হাজিৰ কৰাৰ বাবে লৈ যোৱাৰ সময়তে বিশেষ মন্তব্য কৰা পৰিলক্ষিত হয় ।

Water supply project in Guwahati: পানী যোগান প্ৰকল্পৰ কাম শীঘ্ৰ সম্পূৰ্ণ কৰাৰ দাবী মহানগৰ উন্নয়ন সমিতিৰ

২১ অক্টোবৰত চচলত মহানগৰ উন্নয়ন সমিতি, গুৱাহাটীয়ে ৰূপায়ণ কৰিব প্ৰতিবাদী কাৰ্যসূচী । খোৱাপানী যোগান ধৰা, বিদ্যুৎ মাচুল হ্ৰাসৰ দাবীৰ লগতে আৰু সম্পত্তি কৰ বৃদ্ধি আৰু কৰ সংগ্ৰহ বেচৰকাৰীকৰণৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিব প্ৰতিবাদকাৰীসকলে (Guwahati Mahanagar Unnayan Samiti) ৷

Assam direct recruitment result 2022 : চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে মঙলবাৰে প্ৰকাশ পালে চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam recruitment exam result)। SEBAৰ ৱেবচাইট www.sebaonline.orgত উপলব্ধ হ'ল ফলাফল । ২৬ হাজাৰ ৬৮২ জন উত্তীৰ্ণ হৈছে পৰীক্ষাত ।

Plastic Rice Distribution: খাদ্য আৰু অসামৰিক যোগান বিভাগে প্লাষ্টিকৰ চাউল বিতৰণৰ অভিযোগ

খোদ খাদ্য আৰু অসামৰিক যোগান বিভাগেই মাৰাত্মক প্লাষ্টিকৰ চাউল বিতৰণৰ অভিযোগ উত্থাপিত হৈছে ধেমাজিৰ চিলাপথাৰত ৷ খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে দৰিদ্ৰ ৰাইজৰ মাজত বিতৰণ কৰা চাউলৰ মাজত প্লাষ্টিকৰ চাউল থকাৰ অভিযোগ নৈপৰীয়া ৰাইজৰ (Plastic rice at Silapathar)৷

Fire breakout in Barpeta: বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল বিদ্যালয়

বৰপেটা জিলাৰ কোকিলা দক্ষিণপাৰাত মঙলবাৰে পুৱা 7 বজাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Fire breakout in Barpeta) । কোকিলা দক্ষিণপাৰা বেচৰকাৰী শিক্ষানুষ্ঠান জীৱনজ্যোতি এম ই মাদ্ৰাছাত খৰিৰ দমৰ পৰা অগ্নিকাণ্ড সংঘটিত হয় (Fire breakout in a school)। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও বিফল হৈ যদিও পৰৱৰ্তী সময়ত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত বিদ্যালয়ৰ গৃহ সম্পূৰ্ণৰূপে জাহ যায়। কি কাৰণত অগ্নিকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

Kati Bihu in Rangia: বালিময় পথাৰলৈ চাই মূৰে কঁপালে হাত দিছে কৃষকে

আজি কাতি বিহু ৷ কিন্তু ইয়াৰ মাজতে ৰঙিয়াৰ বগৰীবাৰীত বিহু নহয় যেন বৰবিহহে (kati bihu at Rangia)৷ বগৰীবাৰীৰ ৰাইজে পালন কৰিব নোৱাৰে এইবাৰ কাতি বিহু (Flood affected area reacts on Kati bihu at Rangia)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.