ETV Bharat / state

EM Sudden Visit at PWD Office: কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট কাৰ্যবাহী সদস্যৰ

author img

By

Published : Dec 15, 2022, 9:23 AM IST

Three EM Sudden Visit at PWD Office in Kokrajhar
কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট কাৰ্যবাহী সদস্যৰ

কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট তিনি কাৰ্যবাহী সদস্যৰ (EM Sudden Visit at PWD Office) ৷ কাৰ্যবাহী অভিযন্তাসহ অধিকাংশ কৰ্মচাৰী অনুপস্থিত কাৰ্যালয়ত ৷ কোকৰাঝাৰ লোকনিৰ্মাণ (বিল্ডিং)বিভাগত পইচা নহ'লে লৰচৰ নহয় ফাইল ৷ শ্ব’ ক’জৰ ভাবুকি কৰ্মচাৰীক ৷

কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট কাৰ্যবাহী সদস্যৰ

কোকৰাঝাৰ, 15 ডিচেম্বৰ: ৰাজ্যৰ এটা বিয়াগোম বিভাগৰ ভিতৰত অন্যতম হৈছে লোকনিৰ্মাণ বিভাগ ৷ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে দায়িত্ব দিয়া হয় এই লোকনিৰ্মাণ বিভাগক ৷ কিন্তু এইক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্ন হয় যে লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকলে আচলতে কিমান নিষ্ঠাৰে পালন কৰে কৰ্তব্য ? এই কথা জানিবলৈ দিয়ে কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত বুধবাৰে বিয়লি বিটিআৰৰ তিনিজন কাৰ্যবাহী সদস্য ক্ৰমে অৰূপ কুমাৰ দে (BTR EM Arup Kumar Dey), উইলচন হাসদা আৰু বিটিআৰৰ লোকনিৰ্মাণ বিভাগৰ উপদেষ্টা ৰাকেশ ব্ৰহ্মই চাডেন ভিজিট কৰে (EM Sudden Visit at PWD Office)।

কাৰ্যালটোত উপস্থিত হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ দায়িত্বত থকা লোকনিৰ্মাণ বিভাগৰ কৰ্মসংস্কৃতিৰ নমুনা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে তিনি কাৰ্যবাহী সদস্য । এইখিনিতে উল্লেখ কৰিব লাগিব যে কাৰ্যালয়টোত নিয়োগ হৈ আছে মুঠ ২৭ গৰাকী কৰ্মচাৰী (Kokrajhar PWD Office) ৷ গতিকে সেই অনুসৰি কাৰ্যালয়টোত উপস্থিত থাকিব লাগে আটাইকেইগৰাকী কৰ্মচাৰী ৷ কিন্তু 'এপাচি শাকত এটা জালুক'ৰ দৰে 27 গৰাকী কৰ্মচাৰীৰ ভিতৰত কেৱল কাৰ্যালয়টোত উপস্থিত আছিল মাত্ৰ ৫ গৰাকী কৰ্মচাৰী ৷ কাৰ্যালয়টোত উপস্থিত নাছিল কাৰ্যবাহী অভিযন্তাসহ অধিকাংশ কৰ্মচাৰী ৷ ইয়াকে দেখি খঙত অগ্নিশৰ্মা পৰে তিনি কাৰ্যবাহী সদস্য ৷

পিছত তিনি কাৰ্যবাহী সদস্যই অভিযন্তা দিগম্বৰ দাস বড়োৰ সৈতে ফোনযোগে বহুবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰে ৷ বহুবাৰ চেষ্টাৰ অন্তত দিগম্বৰ দাস বড়োৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় । ফোনযোগে কাৰ্যবাহী অভিযন্তাগৰাকীক ধমকি দিয়াৰ লগতে অভিযন্তাগৰাকীক গছৰ মুঢ়াৰ সৈতে তুলনা কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও ভাবুকি দিয়ে কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই ।

কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে কোকৰাঝাৰ লোকনিৰ্মাণ (বিল্ডিং) বিভাগত ধন নাপালে ফাইল পেলাই থয়, লৰচৰ নকৰে আৰু কামৰ এষ্টিমেট সময়মতে নিদিয়ে ৷ বিভাগীয় অবহেলাৰ বাবেই উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। কোকৰাঝাৰ লোকনিৰ্মাণ (বিল্ডিং)বিভাগত কেলেংকাৰী চলি আছে আৰু ঠিকাদাৰসকলক হাৰাশাস্তি কৰি থকা হৈছে বুলিও উল্লেখ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ বিষয়টো মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক অৱগত কৰা হ’ব আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হ’ব বুলিও সদৰী কৰে কাৰ্যবাহী সদস্য তথা বিটিআৰৰ লোকনিৰ্মাণ বিভাগৰ উপদেষ্টা ৰাকেশ ব্ৰহ্মই (BTR EM Rakesh Brahma)।

উল্লেখ্য যে বিটিআৰৰ প্ৰায় প্ৰতিটো বিভাগতে কৰ্মসংস্কৃতিৰ অভাৱ আৰু অনিয়ম চলে বুলি সততে অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে বুধবাৰে স্বয়ং বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ দায়িত্বত থকা লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত তিনি কাৰ্যবাহী সদস্যই আকস্মিক পৰিদৰ্শন কৰি কৰ্মচাৰীক নীতিপাঠ আৰু হুমকি দিয়া কাৰ্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক: Corruption in irrigation project: ৰঙিয়াত ভালুকৰ সাঙীত পৰিণত জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.