ETV Bharat / state

RNB Hosoital Incident : কোকৰাঝাৰত কৰ্কট ৰোগীক ম্যাদ উকলা চেলাইন, ৱাৰ্ড ইনচাৰ্জক নিলম্বন

author img

By

Published : Dec 24, 2022, 8:09 PM IST

RNB
RNB

কোকৰাঝাৰত ম্যাদ উকলি যোৱা চেলাইন দিলে কৰ্কট ৰোগীক ৷ ৱাৰ্ড ইনচাৰ্জ দুলু ব্ৰহ্মক ছমাহৰ বাবে নিলম্বন (Kokrajhar RNB Hospital ward incharge Suspended) ৷ কৰ্তব্যত গাফিলতি কৰা দুই-তিনিজন চিকিৎসককো নিলম্বন কৰা হ'ব সকীয়নি বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ ৷ বিষয়টো সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ৷

কোকৰাঝাৰত কৰ্কট ৰোগীক ম্যাদ উকলা চেলাইন

কোকৰাঝাৰ, ২৪ ডিচেম্বৰ : কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম (Rup Nath Brahma Civil Hospital Kokrajhar) অসামৰিক চিকিৎসালয়ত গীতাৰাণী বসুমতাৰী নামৰ এগৰাকী কৰ্কট ৰোগীক ম্যাদ উকলা চেলাইন দিয়া ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Controversy in RNB Civil Hospital Kokrajhar) ।

ম্যাদ উকলি যোৱা চেলাইন কৰ্কট ৰোগী গীতাৰাণী বসুমতাৰীৰ দেহত সুমুৱাই দিয়াৰ সু-বিচাৰ বিচাৰি পৰিয়ালৰ লোকে কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে (cancer patient gave expired medicine) । ইপিনে ম্যাদ উকলা চেলাইন দিয়াৰ গাফিলতিৰ বিষয়টো সন্দৰ্ভত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে' অৱগত হোৱাৰ পিছতে শনিবাৰে বিয়লি তৎকালে চিকিৎসালয়খনত উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ চৰমজিন তদন্ত কৰে আৰু সত্য বুলি প্ৰমাণিত হয় (BTR EM Arup Kumar Dey visited RNB Hospital) ।

বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই তাৎক্ষণিকভাৱে কৰ্তব্যত গাফিলতি কৰাৰ বাবে চিকিৎসালয়খনৰ মহিলা ৱাৰ্ডৰ ইনচাৰ্জ দুলু ব্ৰহ্মক ছমাহৰ বাবে নিলম্বন কৰা বুলি ঘোষণা কৰে (Kokrajhar RNB Hospital ward incharge Suspended) । সংবাদ মাধ্যমৰ আগত চৰকাৰী চিকিৎসালয়ত গাফিলতি সহ্য কৰা নহ'ব বুলি মন্তব্য কৰি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'য়ে চিকিৎসকসকলকো সকীয়নি প্ৰদান কৰে ।

চিকিৎসকে নিজকে ভগৱান বুলি ভাবি নল'বলৈ আহ্বান জনাই চৰকাৰী কাম-কাজ, কৰ্তব্য বাদ দি ব্যক্তিগত খণ্ডত চিকিৎসা কৰা কাৰ্যও সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে অৰূপ কুমাৰ দে'য়ে । শীঘ্ৰে দুই-তিনিজন চিকিৎসককো নিলম্বন কৰা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ দে'য়ে ।

চিকিৎসালয় পৰিদৰ্শন কৰি অৰূপ কুমাৰ দে'য়ে ৰোগীক দিয়াৰ পূৰ্বে ঔষধ-পাতি ভালদৰে পৰীক্ষা কৰি চাবলৈও নিৰ্দেশ প্ৰদান কৰে । বিটিআৰ চৰকাৰে কোনো কাৰণতে গাফিলতি সহ্য নকৰে বুলি মন্তব্য কৰি পুনৰাই যাতে এনে ঘটনা নঘটে তাৰ প্ৰতি গুৰুত্ব দিয়াৰ আহ্বান জনাইছে । উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিৰ হেল বজাৰৰ নিবাসী গীতাৰাণী বসুমতাৰী বিগত এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে ।

বিগত দুটা দিন ধৰি ৰোগীগৰাকী অত্যধিক কাহ, বমি আৰু মূৰৰ বিষত আক্ৰান্ত হোৱাত যোৱা ২২ ডিচেম্বৰত তেওঁক পৰিয়ালৰ লোকে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ সেইমতে চিকিৎসকৰ পৰামৰ্শত নাৰ্ছে ৰোগীগৰাকীক চেলাইন দিয়ে । কিন্তু শুকুৰবাৰে নিশা চেলাইন দিয়াৰ পিছত ৰোগীগৰাকীৰ বিষ অধিক হয় আৰু পৰিয়ালৰ লোকে ম্যাদ উকলা ডেক্সট্ৰজ (DEXTROSE) চেলাইন দিয়া প্ৰত্যক্ষ কৰে ।

লগে লগে বিষয়টো নাৰ্ছক অৱগত কৰোৱাত দায়িত্বত থকা নাৰ্ছে একো নহয়, একো নহয় বুলি মন্তব্য কৰি বিষয়টোৰ পৰা এৰাই যোৱাৰ চেষ্টা কৰে । ইফালে সাংবাদিকৰ দল এটা শনিবাৰে চিকিৎসালয়খনত উপস্থিত হোৱাত চিকিৎসা কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে ।

লগতে পঢ়ক :Sahitya Sabha President: ড৹ সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাবে নিৰ্বাচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.