ETV Bharat / state

নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট প্ৰমোদ বড়ো

author img

By

Published : May 3, 2021, 12:55 PM IST

Updated : May 3, 2021, 1:55 PM IST

সংবাদমাধ্যমৰ আগত ৰাজ্যৰ ভোটগণনাৰ ফলাফলক লৈ সন্তোষ্ট প্ৰকাশ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই কয়, ভোটাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ভোটদানেৰে ৰাইজে পৰিৱৰ্তন আনি দিলে ৷

নিৰ্বাচনৰ ফলাফলকলৈ সন্তুষ্ট প্ৰমোদ বড়ো
নিৰ্বাচনৰ ফলাফলকলৈ সন্তুষ্ট প্ৰমোদ বড়ো

কোকৰাঝাৰ, 3মে': ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিটিআৰৰ 12 টা সমষ্টিৰ ভিতৰত গৰিষ্ঠ সংখ্যক সমষ্টিতে ইউপিপিএল দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাত ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই ৷ সংবাদমাধ্যমৰ আগত ৰাজ্যৰ ভোটগণনাৰ ফলাফলক লৈ সন্তোষ্ট প্ৰকাশ কৰি বড়়োৱে কয়, ভোটাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ভোটদানেৰে ৰাইজে পৰিৱৰ্তন আনি দিলে ৷ গতিকে ইউপিপিএল দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কাম কৰি যাব ৷

নিৰ্বাচনৰ ফলাফলকলৈ সন্তুষ্ট প্ৰমোদ বড়ো

লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ তিনিগৰাকী নেতা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসক কৃতজ্ঞতা জ্ঞাপন কৰি কয়, তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত আমি ভাল ফলাফল পাবলৈ সক্ষম হ'লো ৷ উল্লেখ্য যে, ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলে সেয়া পূৰণৰ বাবে আশ্বাস দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷

আনহাতে বিপিএফৰ তিনিগৰাকীকৈ মন্ত্ৰী পৰাজিত হোৱা সন্দৰ্ভতো প্ৰমোদ বড়োই কয়, তেওঁলোকে কেৱল পদবীহে ধৰি ৰাখিছিল ৷ ৰাইজে বিচৰা মতে কোনো কাম কৰা নাছিল ৷ গণতন্ত্ৰত যিহেতু ৰাইজে ৰজা গতিকে ৰাইজৰ কাম নকৰাৰ বাবে ৰাইজে বিপিএফৰ প্ৰাৰ্থীক পৰাজিত কৰিলে ৷

লগতে পঢ়ক: উদাৰবন্দ সমষ্টিত বিজয়ৰ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী মিহিৰ কান্তি সোমে

Last Updated :May 3, 2021, 1:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.